অসম

প্ৰসংগঃ ই-ৰিক্সাৰ চাৰ্জৰ বাবে বাণিজ্যিক বিদ্যুৎ সংযােগ, কি ক’লে শক্তিমন্ত্ৰী নন্দিতা গাৰ্লােচাই..?

ই-ৰিক্সা সন্দৰ্ভত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ ৰহা বিদ্যুৎ উপ-সংমণ্ডলে জাৰি কৰা নিৰ্দশনাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ।

ৰহা বিদ্যু উপ-সংমণ্ডলৰ অধীনৰ গ্ৰাহক সকলক ৰহা বিদুৎ বিভাগৰ ফালৰ পৰা এখন গোহাৰি পত্ৰ প্ৰেৰণ কৰা হৈছিল।

গোহাৰি পত্ৰখনৰ অনুসৰি ৰহা বিদ্যুৎ উপ-সংমণ্ডলৰ  অধীনৰ ই-ৰিক্সা থকা গ্ৰাহকসকলে এতিয়াৰ পৰা নিজৰ ই-ৰিক্সা চাৰ্জ কৰিবলৈ ঘৰৰ মিটাৰ ব্যৱহাৰ কৰিৱ নোৱাৰিব। তেওঁলোকে ই-ৰিক্সা চাৰ্জৰ বাবে LT-Electric Vehicle Charging শ্ৰেণীৰ অতিৰিক্ত বিদুৎ সংযোগ গ্ৰহণ কৰিব লাগিব।

এই ঘটনাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে উক্ত নিৰ্দশনা স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে।

এই সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাই।

তেওঁ কয়- এইয়া ভুল বুজাবুজি, চৰকাৰৰ পৰা ই-ৰিক্সাৰ বেটেৰী ছাৰ্জ কৰা সন্দৰ্ভত জাৰি কৰা হোৱা নাই কোনো নিৰ্দেশনা।’

তেওঁ কয়- উক্ত নিৰ্দেশনা শক্তি বিভাগৰ নহয়, এইটো কেৱল ৰহা বিদ্যুৎ উপ-সংমণ্ডলে জাৰি কৰিছিল এই নিৰ্দেশনা।

Related Articles

Back to top button