ইয়’ন বাহনৰ ওপৰত বাগৰি পৰিল বৃহৎ টেইলাৰ ট্ৰাক, আবদ্ধ হৈ পৰিল ৪ জন যাত্ৰী

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা।

৪ জন আৰােহী কঢ়িওৱা হুণ্ডাই ইয়’ন বাহনৰ ওপৰত বাগৰি পৰিল বৃহৎ টেইলাৰ ট্ৰাক।

ট্ৰাকৰ চেপাত প্ৰায় দুঘন্টা ধৰি বাহনৰ ভিতৰতে আবদ্ধ হৈ পৰিল লােক কেইজন। ইয়াৰে এজন লােকৰ চিকিৎসালয়ত মৃত্যু ঘটে।

P1 11
ইয়’ন বাহনৰ ওপৰত বাগৰি পৰিল বৃহৎ টেইলাৰ ট্ৰাক, আবদ্ধ হৈ পৰিল ৪ জন যাত্ৰী 4

এই শিহৰণকাৰী দুৰ্ঘটনাৰ স্থান চিৰাং জিলাৰ বৰতালোৱাত ৩১ (চি) নং ৰাষ্ট্ৰীয় ঘাইপথ।

এই দুৰ্ঘটনা নিহত হয় ইয়’ন গাড়ীখনৰ আৰােহী মিৰ হাছেম আলী নামৰ লােকজন।

p2 8
ইয়’ন বাহনৰ ওপৰত বাগৰি পৰিল বৃহৎ টেইলাৰ ট্ৰাক, আবদ্ধ হৈ পৰিল ৪ জন যাত্ৰী 5

আহত লােক তিনিজন ৰিংকু আলী, দেৰাজ আলী, আৰু হাচান আলীক চিকিৎসালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে।

দুৰ্ঘটনাৰ বাবে প্ৰায় দুঘন্টা ধৰি স্তব্ধ হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথ ।

p3 3
ইয়’ন বাহনৰ ওপৰত বাগৰি পৰিল বৃহৎ টেইলাৰ ট্ৰাক, আবদ্ধ হৈ পৰিল ৪ জন যাত্ৰী 6

যান বাহন চলাচল সম্পূৰ্ণ ৰূপে বন্ধ ৰাষ্ট্ৰীয় ঘাইপথত।

হুণ্ডায় খানেৰ নম্বৰ AS18 D 3223 টেইলৰ খানেৰ নম্বৰ NL01 L 3885 বুলি জানিব পৰা গৈছে।

এই ঘটনাক লৈ ক্ষুব্ধ হৈ পৰে স্থানীয় লােক। উদ্ধাৰ অভিযানত বহু পলম হােৱা বুলি অভিযােগ কৰে প্ৰত্যক্ষদৰ্শীসকলে।

Leave a Comment