ইষ্টাৰ্ণ আৰ্মী কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল আৰ পি কলিতাৰ ছিকিম ভ্ৰমণ, LACৰ সংবেদনশীল এলেকা পৰিদৰ্শন…

ইষ্টাৰ্ণ আৰ্মী কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ ছিকিম ভ্ৰমণ, LACৰ সংবেদনশীল এলেকা পৰিদৰ্শন কৰি বুজ ল’লে পৰিস্থিতিৰ।

ইষ্টাৰ্ণ আৰ্মী কমাণ্ডৰ নতুন কমাণ্ডাৰ হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত মঙ্গলবাৰে প্ৰথমবাৰৰ বাবে ছিকিমত চীনৰ সৈতে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰৰ বিবাদমান এলেকাসমূহ পৰিদৰ্শন কৰে লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা।

ত্ৰিশক্তি কৰ্পৰ ভ্ৰমণকালত তেওঁ এই সংবেদনশীল অঞ্চলটোৰ নিৰাপত্তা পৰিস্থিতিৰ বুজ লয় আৰু কাৰ্যকৰী প্ৰস্তুতিৰ পৰ্যালোচনা কৰে।

বুধবাৰে কলকাতাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুখ্য কাৰ্যালয়ৰ এজন মুখপাত্ৰই জানিবলৈ দিয়া মতে, পৰিদৰ্শনৰ এই সময়ছোৱাত সেনাৰ জ্যেষ্ঠ বিষয়াসকলে সেনা কমাণ্ডাৰগৰাকীক সীমান্তৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে বিতংভাৱে অৱগত কৰে। মুখপাত্ৰজনে কয় যে এই ভ্ৰমণৰ সময়ত সেনা কমাণ্ডাৰে ছিকিমৰ প্ৰত্যাহ্বানজনক পৰিস্থিতিত সীমান্ত সুৰক্ষাত নিয়োজিত সেনা জোৱান সকলকো সাক্ষাৎ কৰে।

image 2
ইষ্টাৰ্ণ আৰ্মী কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল আৰ পি কলিতাৰ ছিকিম ভ্ৰমণ, LACৰ সংবেদনশীল এলেকা পৰিদৰ্শন... 3

সেনা জোৱান সকলৰ সৈতে বাৰ্তালাপৰ সময়ত সেনা কমাণ্ডাৰে কঠিন পৰিস্থিতিত ২৪ ঘণ্টা কাৰ্যকৰী সতৰ্কতা বজাই ৰখাৰ বাবে তেওঁলোকৰ আবেগ, নিষ্ঠা আৰু প্ৰতিশ্ৰুতিৰ প্ৰশংসা কৰে। ইফালে, লেফটেনেন্ট জেনেৰেল কলিতাই সেনা জোৱানসকলক সীমা সুৰক্ষাৰ বাবে একেধৰণে কৰ্তব্যৰ বাহিৰত কাম কৰিবলৈ সদায় সাজু থাকিবলৈ সেনা জোৱান সকলক আহ্বান জনায়।

একে সময়তে, তেওঁ সেনা জোৱান সকলক প্ৰতিটো প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ সদায় সাজু আৰু সতৰ্ক থাকিবলৈ কয়।

উল্লেখ্য যে, লেফটেনেণ্ট জেনেৰেল কলিতাই ১ ফেব্ৰুৱাৰীত ইষ্টাৰ্ণ আৰ্মী কমাণ্ডৰ নতুন মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। কৌশলগতভাৱে গুৰুত্বপূৰ্ণ সেনাৰ ইষ্টাৰ্ণ কমাণ্ডটো চীনৰ সৈতে উত্তৰ-পূবৰ ৰাজ্য ছিকিম আৰু অৰুণাচল প্ৰদেশ খণ্ডত চীনৰ সৈতে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এলএচি) সুৰক্ষিত কৰিবলৈ নিয়োজিত কৰা হৈছে।

২০২০ চনৰ মে’ মাহত পূব লাডাখৰ গালৱান উপত্যকাত ভাৰত আৰু চীনৰ সেনা বাহিনীৰ মাজত সংঘৰ্ষৰ ঘটনাৰ পিছৰে পৰা দুয়োখন দেশৰ মাজত এলএচিত উত্তেজনা সৃষ্টি হোৱা সময়ত কলিতাই ইষ্টাৰ্ণ কমাণ্ডৰ কমাণ্ডাৰ-ইন-চীফ হিচাপে দায়িত্ব গ্ৰহণ কৰিছে।

image 3
ইষ্টাৰ্ণ আৰ্মী কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল আৰ পি কলিতাৰ ছিকিম ভ্ৰমণ, LACৰ সংবেদনশীল এলেকা পৰিদৰ্শন... 4

ইষ্টাৰ্ণ আৰ্মী কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল কলিতাই ১৪ ফেব্ৰুৱাৰীত ত্ৰিশক্তি কৰ্পছলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ বংগৰ শিলিগুৰিৰ ওচৰৰ চুকনাত উপস্থিত হয়। কৰ্পৰ মুখ্য কাৰ্যালয়ত জ্যেষ্ঠ বিষয়াসকলে তেওঁক উষ্ম আদৰণি জনায়। সেনা কমাণ্ডাৰগৰাকীক ত্ৰিশক্তি কৰ্পৰ জেনেৰেল অফিচাৰ কমাণ্ডিং (জিঅ’চি) লেফটেনেণ্ট জেনেৰেল তৰুণ কুমাৰ আইচে সাম্প্ৰতিক পৰিস্থিতি আৰু গাঁথনিসমূহৰ বাবে কাৰ্যকৰী প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে।

পিছত ১৫ ফেব্ৰুৱাৰীত সেনা কমাণ্ডাৰে ছিকিমৰ ৰাজ্যপাল গংগা প্ৰসাদ আৰু ছিকিম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিশ্বনাথ সোমাদ্দাৰকো সাক্ষাৎ কৰে। বৈঠকত সীমান্তত বিদ্যমান নিৰাপত্তা পৰিস্থিতি আৰু সেনাই চলাই থকা অসামৰিক-সামৰিক সহযোগিতাৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰা হয়।

Leave a Comment