fbpx
ৰাষ্ট্ৰীয়অসমীয়া

ইনষ্টাগ্ৰাম ৰীলে প্ৰাণ ল’লে ছাত্ৰীৰ! উদ্ধাৰ কৰিবলৈ গৈ মৃত্যুমুখত পৰিল শিক্ষক-সতীৰ্থ

নিউজ ডেস্ক। ইনষ্টাগ্ৰামৰ ৰীলচ বনাই থাঁকোতেই হঠাতে পানীত পৰি এগৰাকী শিক্ষক সহ দুগৰাকী ছাত্ৰ ছাত্ৰী নিহত হোৱা ঘটনাই সকলোতে চাঞ্চল‍্যৰ সৃষ্টি খৰিছে।

এই শোকাবহ ঘটনাটো সংঘটিত হৈছে মধ‍্যপ্ৰদেশৰ জবলপুৰ জিলাৰ ভেড়াঘাটত।

প্ৰাপ্ত তথ্য অনুসৰি, শিক্ষাৰ্থীসকলে ৰেলিং পাৰ হৈ নৰ্মদা নদীৰ পাৰত ইনষ্টাগ্ৰাম ৰীল বনাবলৈ আৰম্ভ কৰোঁতেই তেওঁলোকৰ মাজৰে এগৰাকী ছাত্ৰীৰ ভৰি পিছলি নদীত বাগৰি পৰে।

ছাত্ৰী গৰাকীক বচাবলৈ চেষ্টা কৰোঁতেই আন এজন শিক্ষাৰ্থী আৰু এগৰাকী শিক্ষকো পানীত পৰি যায় ।

G9 2

ইফালে ঘটনাটোৰ প্ৰায় এঘণ্টা পিছত ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয়, যদিও উদ্ধাৰ কৰিবলৈ যোৱা ছাত্ৰ তথা শিক্ষকজন এতিয়াও সন্ধানহীন হৈ আছে।

অভিষেক চৌধুৰী নামৰ দলটোৰ এগৰাকী ছাত্ৰই কোৱা মতে তেওঁলোকৰ শিক্ষক ৰাকেশ আৰ্যই (৩০)পেৰামেডিকেল পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে তেওঁলোকক লৈ আহিছিল আৰু তেওঁলোক সকলোৱে দীনদয়াল চকৰ এখন হোটেলত আছিল।

সকলোৱে বাধা দিয়া স্বত্বেও খুচবু নামৰ ছাত্ৰী গৰাকীয়ে নদীৰ নিচেই কাষতে ইনষ্টাগ্ৰামত ৰিল বনোৱা আৰম্ভ কৰিছিল। আৰু হঠাতে ভাৰসাম্য হেৰুৱাই নদীৰ কোবাল সোঁতত পৰি যায়।

শিক্ষক ৰাকেশে হাতত ধৰি বচাবলৈ চেষ্টা কৰোঁতে দ্ৰুত প্ৰবাহৰ বাবে, তেওঁকো উটুৱাই লৈ গৈছিল।

আনহাতে অন‍্যগৰাকী ছাত্ৰ ৰাম চাহুৱেও তেওঁলোক দুয়োকে বচাবলৈ চেষ্টা কৰিছিল যদিও তেওঁও নৰ্মদাৰ তীব্ৰ সোঁতত উটি গৈছিল।

এই ঘটনাৰ পিছতে এতিয়া মৃতকৰ পৰিয়ালত তীব্র শোকে বিৰাজ কৰিছে । সন্ধানহীন ছাত্ৰ তথা শিক্ষক গৰাকীৰ সন্ধানত এতিয়াও উদ্ধাৰ অভিযান অব্যাহত আছে ।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!