ইনফ্লুৱেঞ্জা ভাইৰাছৰ ভয়াবহ সংক্ৰমণ! এইখন কেন্দ্ৰীয় শাসিত প্ৰদেশত বিদ্যালয় বন্ধ ঘোষণা প্ৰশাসনৰ…

নিউজ ডেস্কঃ সমগ্ৰ দেশত H1N1 আৰু H3N2 ইনফ্লুৱেঞ্জা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ বিদ্যালয় বন্ধৰ ঘোষণা কৰিছে পুডুচেৰী প্ৰশাসনে।

পুডুচেৰী কেন্দ্ৰীয় শাসিত অঞ্চলত বিগত ৪ দিনত ৭৯ জন ৰোগী ইনফ্লুৱেঞ্জাত আক্ৰান্ত হোৱাৰ পিছথে শুকুৰবাৰৰ পৰা ২৬ মাৰ্চলৈ বিদ্যালয় বন্ধৰ ঘোষণা কৰিছে পুডুচেৰীৰ শিক্ষামন্ত্ৰী নম্মাচিৱামে।

বিশেষকৈ শিশুৰ মাজত ইনফ্লুৱেঞ্জা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ মাজতে পুডুচেৰী, কৰিকাল, মাহে আৰু য়ানামৰ চাৰিওটা অঞ্চলৰ বিদ্যালয়ৰ বাবে এই নিৰ্দেশ বলবৎ হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে কয়।

ইফালে, তামিলনাডু স্বাস্থ্য বিভাগে ৰাজ্যখনৰ সকলো জিলা স্বাস্থ্য বিষয়ালৈ এখন জাননী প্ৰেৰন কৰি নিজ নিজ জিলাত H3N2 ৰোগীৰ ওপৰত নজৰ ৰাখিবলৈ নিৰ্দেশ দিছে।

ৰাজ্যৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহকো জ্বৰত আক্ৰান্তৰ সংখ্যাৰ তথ্য দিবলৈ কোৱা হৈছে।

জ্বৰৰ কোনো লক্ষণ দেখা গ’লে তৎক্ষণাত স্থানীয় চিকিৎসালয়ৰ পৰামৰ্শ ল’বলৈ আৰু উপযুক্ত পৰীক্ষা-নিৰীক্ষা কৰাৰ লগতে চিকিৎসা গ্ৰহণ কৰিবলৈও পৰামৰ্শ দিয়া হৈছে।