ইতিহাস ৰচাৰ পথত অসম তনয়া, লাভলীনাৰ সমৰ্থনত ৩০ মিনিট স্থগিত ৰখা হ’ব অসম বিধানসভা…

আজি অলিম্পিকত ৰূপৰ পদকৰ বাবে ৰিঙত নামিব অসম জীয়ৰী লাভলীনা বৰগোহাঁই।

অলিম্পিকৰ ছেমিফাইনেলত উপনীত হোৱা লাভলীনা বৰগোহাঁইক সমৰ্থনৰ বাবে আজি ৩০ মিনিটৰ বাবে স্থগিত ৰখা হ’ব অসম বিধানসভাৰ কাম-কাজ।

অসম বিধানসভাৰ উপাধ্যক্ষ ডা০ নোমল মমিনে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক লাভলীনাৰ খেলৰ সময়ত সদন স্থগিত ৰখাৰ বাবে প্ৰস্তাৱ দিছিল।

উল্লেখ্য যে, আজিৰে পৰা পুনৰ আৰম্ভ হ’ব বিধানসভাৰ বাজেট অধিবেশন।

২১ জুলাইৰ পৰা ৩ আগষ্টলৈকে বন্ধ আছিল সদন

ৱেল্টাৰৱেইট শাখাত লাভলীনাই আজি দিনৰ ১১ বজাত তুৰস্কৰ বুছেনাজ চুৰমেনেলীৰ বিৰুদ্ধে ৬৯ কেজি শাখাত ছেমি ফাইনেলত অংশগ্ৰহণ কৰিব।

অলিম্পিকত ব্ৰঞ্জৰ পদক নিশ্চিত হৈ থকা লাভলীনাই আজিৰ মেচত জয়লাভ কৰিলেই ৰূপৰ পদক নিশ্চিত হোৱাৰ লগতে স্বৰ্ণৰ বাবে মাত্ৰ এটা খোজৰ দূৰত্বত থাকিব।

অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী অসমৰ মহিলা খেলুৱৈ লাভলীনা বৰগোহাঁই।

উল্লেখ্য যে, লাভলীনাক শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে আজি পুৱা প্ৰতিজন অসমীয়াক পৰম্পৰা অনুসৰি ধূপ-ধূনা, চাকি-বন্তি জ্বলাবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

Leave a Comment