ইতিহাস সৃষ্টি! ৰাজ্য গঠনৰ পাছত নাগালেণ্ডে প্ৰথমবাৰলৈ লাভ কৰিলে মহিলা বিধায়িকা…

ৰাজ্য গঠনৰ পাছত নাগালেণ্ডে প্ৰথমবাৰলৈ লাভ কৰিলে মহিলা বিধায়িকা।

নাগালেণ্ড গঠন হোৱাৰ পিছৰে পৰা আজিলৈ নাগালেণ্ড বিধানসভালৈ নিৰ্বাচিত হোৱা নাছিল এগৰাকীও মহিলা প্ৰাৰ্থী।

ৰাজ্য গঠনৰ ৬০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে আজি নাগালেণ্ডে লাভ কৰিলে মহিলা বিধায়িকা।

নাগালেণ্ডৰ জনতাই বিধানসভালৈ নিৰ্বাচিত কৰিলে দুগৰাকীকৈ মহিলাক।

ডিমাপুৰ-তৃতীয় আসনৰ পৰা বিজেপিৰ মিত্ৰ দল এন ডি পি পিৰ পৰা হেকানী জাখালুৱে জয়লাভ কৰিছে।

হেকানীয়ে লোক জনশক্তি পাৰ্টী (ৰামবিলাস)ৰ এজেটো ঝিমোমিক ১৫৩৬টা ভোটত পৰাস্ত কৰে।

৪৭ বছৰীয়া হেকানীয়ে লাভ কৰে ১৪,৩৯৫টা ভোট।

তাৰ পিছতে জয়লাভ কৰে NDPPৰ আন এগৰাকী মহিলা প্ৰাৰ্থী ছালহুটুৱানো ক্ৰুজে।

ৱেষ্টাৰ্ণ আংগামী–৮ সমষ্টিৰ পৰা জয়লাভ কৰে ক্ৰুজে।

উল্লেখ্য যে ১৯৬৩ চনত নাগালেণ্ড ৰাজ্য গঠন হৈছিল। ৬০ বছৰ অতিক্ৰম কৰিলে, কিন্তু আজিলৈ ৰাজ্যখনত কোনো মহিলা বিধায়ক হিচাপে নিৰ্বাচনত হোৱা নাছিল।

নাগালেণ্ড বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা মুঠ ১৮৩ গৰাকী প্ৰাৰ্থীৰ ভিতৰত মহিলা প্ৰাৰ্থী আছিল চাৰিগৰাকী।

ইয়াৰ ভিতৰত NDPPৰ প্ৰাৰ্থী দুগৰাকীয়ে জয়লাভ কৰাৰ বিপৰীতে বিজেপিৰ কাহুলী ছেমা আৰু কংগ্ৰেছৰ ৰোজী থমছন পৰাস্ত হয়।