ইতিহাসত প্ৰথমবাৰ! দৰৱৰ পৰীক্ষাত সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিল দুৰাৰোগ্য কেন্সাৰত আক্ৰান্ত ১৮ গৰাকী ৰোগী

নিউজ ডেস্কঃ দুৰাৰোগ্য কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰতিদিন চিকিৎসা বিজ্ঞানী সকলে ন ন গৱেষণা চলাই আহিছে। ইয়াৰ মাজতে কৰ্কট ৰোগ নিৰাময়ৰ বাবে এক আশাৰ বতৰা আহিছে বিশ্ববাসীৰ বাবে।
‘দ্য নিউয়র্ক টাইমছ’ৰ বাতৰি অনুসৰি, মলদ্বাৰৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা ১৮ গৰাকী ৰোগী বৰ্তমান সুস্থ হৈ উঠিছে ডাষ্টাৰ লিমব নামৰ দৰৱৰ জৰিয়তে।
কেম’থেৰাপী, ৰেডিয়েশ্যন আৰু শল্য চিকিৎসাৰ দৰে বিভিন্ন চিকিৎসা প্রক্রিয়া পাৰ হৈ অহা ১৮ কৰ্কট ৰোগীৰ গাত গৱেষকক সকলে বিগত ৬ মাহ ধৰি ডাষ্টাৰ লিমব নামৰ নতুনকৈ উদ্ভাৱিত দৰৱ বিধৰ পৰীক্ষণ কৰি আহিছিল।

এই পৰীক্ষাৰ পিছতে কৰ্কট ৰোগী কেইগৰাকী সুস্থ হৈ উঠা বুলি দাবী কৰা হৈছে। ৰোগীকেইজনক বিগত ছমাহ ধৰি প্রতি তিনি সপ্তাহত এবাৰকৈ এই দৰব প্ৰদান কৰা হৈছিল। ঔষধ প্রয়োগ কৰা আটাইকেই জন ৰোগীৰ কোনোজনৰে মলদ্বাৰৰ পৰা শৰীৰৰ অন্য অংগ-প্ৰত্যংগলৈ কর্কট বিয়পি যোৱা নাছিল।
নিউয়ৰ্কৰ বিখ্যাত কৰ্কট ৰোগ চিকিৎসা প্রতিষ্ঠান মেম’ৰিয়েল শ্লোৱান কেটেৰিং কেন্সাৰ চেণ্টাৰৰ চিকিৎসা বিজ্ঞানী ডাঃ লুই এ ডিয়াজে দাবী কৰে যে কৰ্কটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এই ঘটনা সংঘটিত হৈছে।
Absolutely unbelievable data by @AndreaCercek @MSKCancerCenter at @ASCO #ASCO2022: 100% CR rate in 14 consecutive high risk (90%+st3) rectal cancer pts w/ Dostarlimab PD1 monotherapy. NO PATIENT REQUIRED CHEMO/SURGERY/RT. #immunoablative therapy is here + published now in @NEJM pic.twitter.com/ng6W1k50iL
— Mike Foote (@MikeFooteMD) June 5, 2022
ইউমিন থেৰাপীযোগে যে এদিন কৰ্কট নিৰাময় সম্ভৱ হ’ব পাৰে তাক দৃঢ়ভাৱে বিশ্বাস কৰিয়েই এই লোকসকলক প্রদান কৰা হৈছিল ডাষ্টাৰ লিমব। এই দৰৱৰ চমৎকাৰ ফলাফলক লৈ উৎফুল্লিত হৈ পৰিছে বিশ্বৰ চিকিৎসা বিজ্ঞানী মহল।
In a medical trial, patients with advanced rectal cancer have all gone into remission after taking the same drug, and scientists are hoping Dostarlimab is just the tip of the iceberg. Associate Professor Graham Newstead from @BowelCancerAust joins us.#TheProjectTV pic.twitter.com/um5kVXtVJC
— The Project (@theprojecttv) June 8, 2022
চিকিৎসা বিজ্ঞানী সকলে দাবী কৰা মতে, এই দৰৱৰ ব্যৱহাৰৰ পৰা কৰ্কট ৰোগী সকলৰ দেহত কোনো পাৰ্শ্বক্ৰিয়া দেখা পোৱা নাছিল। যাৰ বাবে ডাষ্টাৰ লিমবৰ বিশ্বাসযোগ্যতা আৰু প্ৰয়োগক লৈ যথেষ্ট আশাবাদী হৈ পৰিছে গৱেষকমহল।
The miracle medicine #Dostarlimab, a monoclonal antibody, is used to treat #Cancers with a genetic makeup known as mismatch repair deficient (MMRd) or microsatellite instability (MSI), which affects 5-10% of #colorectalcancer patients.https://t.co/rSDyHuzSju pic.twitter.com/jJO0uwt9cu
— @Healthy Life Channel (@FpPernalete) June 7, 2022
এই বৈপ্লৱিক ঔষধৰ বৃহৎ পৰিসৰত প্ৰয়োগৰ বাবে প্রস্তুতি আৰম্ভ কৰিছে মাৰ্কিন চিকিৎসা বিজ্ঞানীসকলে।
উল্লেখ্য যে মার্কিন যুক্তৰাষ্ট্ৰৰ দৰে দেশত এবছৰত কমেও ৪৫ হেজাৰ লোক মলদ্বাৰ কৰ্কটত আক্ৰান্ত হৈ আহিছে।