fbpx
অসমীয়াঅসম

ইণ্ডিয়ান এক্সপ্ৰেছৰ সমীক্ষা! দেশৰ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত ১৭সংখ্যক স্থানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

নিউজ ডেস্কঃ দেশৰ ১০০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ তালিকাত ১৭সংখ্যক স্থানত আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

ইণ্ডিয়ান এক্সপ্ৰেছে প্ৰকাশ কৰিছে প্ৰভাৱশালী ব্যক্তিৰ এই তালিকা।

উল্লেখ্য যে, ২০২২ চনত এই তালিকাত ৩২ সংখ্যক স্থানত আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

স্বাভাৱিকভাৱেই তালিকাৰ শীৰ্ষত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, দ্বিতীয় স্থানত আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

অন্যহাতে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ ৰাহুল গান্ধী এই তালিকাৰ আছে ১৫ সংখ্যক স্থানত।

প্ৰণিধানযোগ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিগত সময়ত উত্তৰ-পূবত বিজেপিৰ প্ৰধান মুখ হিচাপে পৰিগণিত হৈছে।

ৰাজনীতিৰ চাণক্য বুলি পৰিচিত হোৱা হিমন্ত বিশ্ব শৰ্মা শেহতীয়াকৈ মাদ্ৰাছা, মুছলমান আদিক লৈ কৰা মন্তব্যৰ বাবেও দেশজুৰি চৰ্চিত হৈছিল।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!