নিউজ ডেস্কঃ উৰা মৰাৰ পিছতে বিমানৰ ভিতৰত এগৰাকী যাত্ৰী অসুস্থ হৈ পৰাত পাকিস্তানত জৰুৰীকালীন ভাৱে অৱতৰণ কৰিবলগীয়া হয় ইণ্ডিগ’ৰ এখন যাত্ৰীবাহী বিমান।
দিল্লীৰ পৰা ডোহা অভিমুখে উৰা মৰা বিমানখনৰ এগৰাকী যাত্ৰী অসুস্থ হৈ পৰাত পাকিস্তানৰ কৰাচীৰ জিন্না আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত জৰুৰী অৱতৰণ কৰা হয়।
অৱশ্যে অৱতৰণৰ পিছত যাত্ৰীজনক মৃত ঘোষণা কৰে চিকিৎসকে।
প্ৰায় পাঁচ ঘণ্টা ধৰি কৰাচী বিমানবন্দৰত ৰখাই থোৱা এ৩২০-২৭১এন বিমানখন কৰাচীৰ কৰ্তৃপক্ষই যাত্ৰীজনৰ মৃত্যুৰ প্ৰমাণ পত্ৰ প্ৰদান কৰি সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পিছতে দিল্লীলৈ উভতি আহে।
জানিব পৰা মতে, বিমানৰ ভিতৰতে অসুস্থ হৈ পৰি মৃত্যুক সাৱটি লোৱা যাত্ৰীজন ৬০ বৰ্ষীয় নাইজেৰিয়ান নাগৰিক আছিল।
কৰাচীৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষৰ বিষয়াসকলে জনোৱা মতে, যাত্ৰীজন বিমানখনত অসুস্থ হৈ পৰে আৰু কেপ্তেইনে কৰাচীৰ জিন্না আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জৰুৰীকালীন অৱতৰণৰ বাবে অনুৰোধ জনায়।