ইটা ভাটাৰ মালিক বুলি পৰিচয় দি চলাই আহিছিল গাঞ্জাৰ ব্যৱসায়, আৰক্ষীৰ জালত নিৰঞ্জন…

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।

মহানগৰ আৰক্ষীৰ জালত পুনৰ পৰিল গাঞ্জা ব্যৱসায়ী।

ইটা ভাটাৰ মালিক বুলি নিজকে পৰিচয় দি গাঞ্জাৰ ব্যৱসায় চলাই অহা এগৰাকী ব্যৱসায়ী পৰিল আৰক্ষীৰ জালত।

আটকাধীন লোকজনৰ নাম নিৰঞ্জন টুমুং।

দিছপুৰ আৰক্ষীয়ে হেঙেৰাবাৰীৰ লিচু বাগানত অভিযান চলাই আটক কৰে ধৃত লোকজনক।

গাঞ্জাৰ অবৈধ সৰবৰাহৰ লগত জড়িত নিৰঞ্জনৰ ফৰছুনাৰকে ধৰি আছে কেইবাখনো বাহন।

গোপন সূত্ৰৰ আধাৰাত দিছপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ শইকীয়াৰ নেতৃত্ব চলিছিল এই অভিযান।

নিৰঞ্জনে নিজকে ইটা ভাটাৰ মালিক বুলি আৰক্ষীৰ আগত পৰিচয় দিছিল।