ইটানগৰত অচলাৱস্থা! ১৮ জানুৱাৰীৰ পৰা পুনৰ ৪৮ ঘন্টাৰ বাবে বন্ধৰ আহ্বান ANYAৰ…

ইটানগৰত অচলাৱস্থা। পুনৰ ৪৮ ঘন্টাৰ বাবে বন্ধ হোৱাৰ দিশে অৰুণাচলৰ ৰাজধানী।

১৮ জানুৱাৰীৰ পুৱা ৫ বজাৰ পৰা All Nyishi Youth Association (ANYA)ৰ বন্ধৰ আহ্বান।

ANYA ৰ কৰ্মীৰ বিৰুদ্ধে চৰকাৰ প্ৰশাসনৰ কঠোৰ দমনমূলক নীতিৰ প্ৰতিবাদত এই বন্ধৰ আহ্বান ANYAৰ।

উল্লেখ্য যে, পেমা খাণ্ডু চৰকাৰৰ পদত্যাগৰ দাবীত ১৩, ১৪ জানুৱাৰীত ৩৬ ঘণ্টাৰ ইটানগৰ বন্ধ পালন কৰিছিল সংগঠনটোৱে।

সেই বন্ধৰ সময়ত আটক কৰা ১৩০ জন ANYA কৰ্মীক এতিয়াও মুক্তি দিয়া নাই আৰক্ষীয়ে।

ইয়াৰ মাজতে শনিবাৰে গ্ৰেপ্তাৰ কৰা হয় ANYA ৰ উপ সভাপতি টেমি পাব’ক।

6Astdnr

আৰক্ষীৰ এই দমন নীতিৰ প্ৰতিবাদত ১৮ জানুৱাৰীৰ পৰা ৪৮ ঘণ্টাৰ অৰুণাচলৰ ৰাজধানী ইটানগৰ বন্ধৰ আহ্বান ANYA ৰ।

Leave a Comment