ইঞ্চুৰেঞ্চ ফেইল, বিনা হেলমেটে বাইকত যাত্ৰা খোদ আৰক্ষীৰ!

দুৰ্ঘটনা ৰোধ কৰিবলৈ কঠোৰ হৈছে প্ৰশাসন। দুচকীয়া বাহনত চালকৰ লগতে আৰোহীয়েও হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে।

পৰিবহণ বিভাগৰ এই নিয়ম উলংঘা কৰিলে বিহা হৈছে জৰিমনাও।

কিন্তু যেতিয়া খোদ প্ৰশাসনৰ লোকেই এই নিয়মৰ উলংঘা কৰে?

বৃহস্পতিবাৰে নগাঁও চহৰত খোদ এগৰাকী আৰক্ষীয়ে এই নিয়ম উলংঘা কৰি দুচকীয়া বাহনৰ পিছফালে হেলমেট পৰিধান নকৰাকৈয়ে যাত্ৰা কৰা দেখা গল।

FIWBTgw-VQAM4fqd

সমীৰ সোনোৱাল নামৰ এজন ব্যক্তিয়ে নিজৰ টুইটাৰ হেণ্ডেলৰ জৰিয়তে আৰক্ষী জোৱানজনে নিয়ম উলংঘা কৰাৰ এখন ফটো প্ৰকাশ কৰে।

ফটোখনত দেখিবলৈ পোৱা মতে, AS 02AB 5020 নম্বৰৰ এখন বাইকৰ আৰোহীৰ আসনত বহি গৈছে খাকী পোছাক পৰিহিত আৰক্ষীৰ এজন সহকাৰী উপ-পৰিদৰ্শক। খোদ প্ৰশাসনৰ লোক হোৱাৰ পিছতো তেওঁ হেলমেট পৰিধান কৰা নাই।

জানিব পৰা মতে, স্কুতিখন নৰামাৰীৰ আইন উদ্দীনৰ কন্যা ৰেহানা চুলতানাৰ নামত পঞ্জীয়ন হৈ আছে।

আনহাতে, এম-পৰিবহণ এপৰ তথ্য অনুসৰি, ২০২১ৰ জানুৱাৰীতে দুচকীয়া বাহনখনৰ ইঞ্চুৰেঞ্চও ফেইল হৈছে।

ইফালে এই ফটোখন সামাজিক মাধ্যমত চৰ্চিত হৈ পৰাৰ পিছতে বাহন চালক আৰু আৰোহীৰূপী আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে নগাঁও আৰক্ষীয়ে।

নগাঁও আৰক্ষীয়ে টুইট যোগে জানিবলৈ দিয়া মতে, অভিযুক্তক ইতিমধ্যে হেলমেট পৰিধান নকৰাৰ বাবে জৰিমনা বিহা হৈছে।

আৰক্ষী জোৱানজনে কৰা ভুলৰ বাবে তেওঁক ডিপাৰ্টমেণ্ট তৰফৰ পৰাও সতৰ্ক কৰি দিয়া হ’ব বুলি জনাইছে।

আনহাতে আৰক্ষীৰ ভয়ত হেলমেট পৰিধান কৰাৰ বিপৰীতে নিজৰ সুৰক্ষাৰ বাবেহে পৰিধান কৰিবলৈ আহ্বান জনায় নগাঁও আৰক্ষীয়ে।

লগতে চাওকঃ

হাতত পিষ্টল, ওঁঠত চিগাৰেট লৈ ৰাজপথত বাইক ষ্টাণ্ট ২ বন্ধুৰ! তাৰ পাছত ঘটিল এই ঘটনা…

Leave a Comment