ইজৰাইলী সেনা বাহিনীত নিযুক্তি লাভ কৰিলে দুই ভাৰতীয় যুৱতীয়ে

May 31, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এইবাৰ ভাৰতীয় যুৱতীয়ে নিযুক্তি লাভ কৰিলে বিদেশৰ প্ৰতিৰক্ষা সেৱাত।

গুজৰাটৰ জুনাগড় জিলাৰ কোঠদী গাৱঁৰ এক পৰিয়ালৰ দুই যুৱতীয়ে ইজৰাইলৰ সেনা-বাহিনীত লাভ কৰিলে নিযুক্তি।

দুয়ো গৰাকী যুৱতীৰ এগৰাকীয়ে কৰ্মত যোগদান কৰাৰ বিপৰীতে এগৰাকীয়ে বৰ্তমানেও প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

জানিব পৰা মতে, দুয়ো গৰাকী যুৱতীৰ নাম ক্ৰমে নিশা মুনীয়াছিয়া আৰু ৰিয়া মুনীয়াছিয়া। দুয়ো গৰাকী বাই ভনী।

নিশাই সেনাৰ ‘ইউনিট হেড’ হিচাপে কাৰ্য সম্পাদন কৰি থকাৰ বিপৰীতে ৰিয়াই কামাণ্ডো প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

প্ৰশিক্ষণ সমাপ্ত হোৱাৰ পিছতেই ৰিয়াই সেনাত নিযুক্তি লাভ কৰিব। নিশা বৰ্তমান ইজৰাইলী সেনাৰ ‘ডিপাৰ্টমেণ্ট অৱ কমিউনিকেশ্বন এণ্ড চাইবাৰ চিকিউৰিটি’ শাখাত কৰ্মৰত।

ইয়াৰ লগতে নিশাই ‘ফ্ৰন্টলাইন ইউনিট’ৰ প্ৰধান হিচাপেও কাৰ্য সম্পাদন কৰিছে।

ৰিয়াই দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছতেই সেনাত চামিল হয়। বৰ্তমান ৰিয়া সেনাৰ ‘প্ৰি-চাৰ্ভিচ’ত আছে। তিনি মাহ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পিছত ৰিয়াই আন কেইবাটাও পৰীক্ষাত অৱতীৰ্ণ হব লাগিব।

তাৰ পিছতেই ৰিয়াই সেনাৰ স্থায়ী নিযুক্তি লাভ কৰিব।

উল্লেখ্য যে দুয়ো গৰাকী ইজৰাইলত আছিল তেওঁলোকৰ ভাতৃৰ সৈতে। ইজৰাইলৰ তেল আবিবত বাস কৰে তেওঁলোকৰ পৰিয়াল। দেশখনত তেওঁলোকৰ পৰিয়ালৰ ব্যৱসায় আছে।