
উগ্ৰ ইছলামিক সংগঠন পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ (পিএফআই) ওপৰত তৎক্ষণাৎ সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
লক্ষণীয়ভাৱে দেশজুৰি অব্যাহত থকা হিজাব বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে ইছলামিক সংগঠনটো নিষিদ্ধ কৰাৰ বাবে জনোৱা আহ্বানক লৈ সৃষ্টি হৈছে আন এক প্ৰতিক্ৰিয়াৰ।
অৱশ্যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৃঢ়তাৰে কয় যে পিএফআইৰ ওপৰত তেওঁৰ স্থিতি “হিজাবৰ সমস্যাৰ বাবে নহয়।”
শনিবাৰে সংবাদ সংস্থা এএনআইয়ে মুখ্যমন্ত্ৰী গৰাকীৰ উদ্ধৃতি দি কয়, “অসমে কেন্দ্ৰীয় চৰকাৰক তৎক্ষণাৎ পিএফআইৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিবলৈ আহ্বান জনাইছে। কিন্তু এইয়া হিজাব বিতৰ্কৰ বাবে নহয়। এয়া তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ, কিন্তু বিধ্বংসী কাৰ্যকলাপ আৰু মৌলবাদত তেওঁলোকৰ প্ৰত্যক্ষ অংশগ্ৰহণৰ বাবেহে নিষিদ্ধ কৰাৰ আহ্বান জনোৱা হৈছে।”
Assam has demanded an immediate complete ban on PFI (Popular Front of India) from the central govt, not because of the hijab issue, it’s their democratic right, but because of their direct involvement with subversive activities & radicalisation: Assam CM Himanta Biswa Sarma pic.twitter.com/RJV7h870dU
— ANI (@ANI) February 19, 2022
উল্লেখ্য যে, শেহতীয়াকৈ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে হিজাব সন্দৰ্ভত কোনো বিতৰ্ক হোৱা উচিত নহয়। কোৰাণ শ্বৰীফে শিক্ষাৰ ওপৰত গুৰুত্ব দিয়ে, হিজাবৰ ওপৰত নহয়।
উত্তৰাখণ্ডত নিৰ্বাচনী প্ৰচাৰ চলাইও হিমন্ত বিশ্ব শৰ্মাই কৰ্ণাটকত আৰম্ভ হোৱা হিজাব বিতৰ্কক লৈ কয়, ”শিক্ষা বা হিজাব অধিক গুৰুত্বপূৰ্ণ নে নাই বুজি পোৱাটো গুৰুত্বপূৰ্ণ। মুছলমানসকলৰ আটাইতকৈ ডাঙৰ দায়িত্ব হৈছে শিক্ষা।”