
ইচ্ছাকৃতভাৱে পথৰ কুকুৰৰ ওপৰেৰে চলালে বাহন! অৱসৰপ্ৰাপ্ত আৰক্ষী উপ-পৰিদৰ্শকে বিৰুদ্ধে গােচৰ ৰুজু
January 28, 2021নিউজ ডেস্ক। এজন অৱসৰপ্ৰাপ্ত আৰক্ষী উপ-পৰিদৰ্শকৰ অমানুষিক কাণ্ড। ইচ্ছাকৃত ভাৱেই পথত শুই থকা কুকুৰৰ ওপৰেৰে চলাই লৈ গল ব্যক্তিগত বাহন। এই ঘটনা সংঘটিত হৈছে দক্ষিণ বেংগালুৰুৰ দুদ্দাকাম্মানাহাল্লীত।

আৰক্ষীয়ে জনোৱা অনুসৰি অৱসৰ গ্ৰহণ কৰা এই বিষয়া জনৰ নাম হৈছে নাগেছাইআহ। তেওঁ মাৰুতি চুইফট গাড়ীৰে ঘৰৰ পৰা ওলাই আহিয়েই পথৰ কাষত শুই থকা এটা কুকুৰৰ ওপৰেৰে চলাই নিয়ে গাড়ীখন। কুকুৰটো চেপি ব্যক্তিজনে ৰোৱাৰ পৰিৱৰ্তে গাড়ী চলাই গুচিহে গ’ল। ব্যক্তিজনৰ লগত আছিল তেওঁৰ পুত্ৰও।
চিচি টিভিৰ দৃশ্যত দেখা অনুসৰি গাড়ীখনৰ বাওঁফালৰ চকাৰে চেপে কুকুৰটোক। কুকুৰটোক চেপা যেন অনুমান কৰি দুয়োৱে সেই ঠাইত নৰৈ গুচিহে যায়। গাড়ীৰ চেপাত কুকুৰটোৱে বেয়াকৈ আঘাত পায়। লগে লগে কুকুৰটোৱে জোৰেৰে ভোকা দেখিবলৈ পোৱা যায়।
ইয়াৰ পিছতেই ব্যক্তিজনৰ বিৰুদ্ধে জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইন আৰু ভাৰতীয় দণ্ডবিধিৰ ৪২৯ ধাৰা অধীনত হুলিমাভো আৰক্ষী থানাত গোচৰ তৰে। আৰু কুকুৰটোক স্থানীয় লোকে Bozo Wags LLP Veterinary Hospital and Pet Services লৈ চিকিৎসাৰ বাবে লৈ যায়।
A retired Bengaluru Sub-Inspector has been accused of running over a stray dog near his home in Doddakammanahalli in Hulimavu.
— Nolan Pinto (@nolanentreeo) January 27, 2021
Case filed under Prevention of Cruelty to Animals and under Section 429 IPC.@IndiaToday @Akshita_N @Chaiti @dylonpinto pic.twitter.com/8AMozfRSwa
চিকিৎসকে জনায় যে বয়স্ক কুকুৰটোৱে বেয়াকৈ আঘাত পাইছে ভৰিত। হাড় ভাঙিছে কুকুৰটোৰ। উশাহ লোৱাত কষ্ট হৈছে। কুকুৰটোৰ বৰ্তমান অৱস্থা অতি সংকটজনক।
আৰক্ষীৰ তথ্য অনুসৰি চিকিৎসকৰ সহযোগিতাত এজন অধিবক্তাই এই সন্দৰ্ভত ব্যক্তিজনৰ বিৰুদ্ধে গোচৰ তৰে।
অৱশ্যে গাড়ীৰ ভিতৰত দুজন লোক আছিল যদিও প্ৰকৃততে কোনে গাড়ী চলাইছিল সেই কথা ধৰিব পৰা নাই চিচি টিভিৰ দৃশ্যত। তদন্তৰ বাবে নাগেছাইআহক আৰক্ষীয়ে মাতোতে কয় যে তেওঁলোকে জানি বুজি সেই কাম কৰা নাই। কুকুৰটোৰক নেচেপাকৈয়ে পাৰ হৈ যোৱা বুলি ভাবিছিল তেওঁলোকে। আৰু দুৰ্ঘটনাটোৰ সময়ত গাড়ী তেওঁৰ পুত্ৰইহে চলাইছিল বুলি জনায়।
জীৱ-জন্তু প্ৰেমী সংস্থাৰ এজন লোকে জনায় যে গাড়ীখন পিছুৱাই আনিও তেওঁ পুনৰ চেপে কুকুৰটোক। নিজৰ পদবীৰ অহংকাৰত জন্তুৰ লগতে আইনকো অমান্য কৰিছে বিষয়াজনে।