ইউক্ৰেইনত আবদ্ধ ভাৰতীয়ক উদ্ধাৰৰ বাবে চুবুৰীয়া দেশলৈ যাব দেশৰ ৪ কেন্দ্ৰীয় মন্ত্ৰী…

ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক উদ্ধাৰৰ বাবে মোদী চৰকাৰৰ উচ্চস্তৰীয় বৈঠক।

ইউক্ৰেইনৰ কাষৰীয়া দেশলৈ যাব ভাৰতৰ ৪ গৰাকী কেন্দ্ৰীয় মন্ত্ৰী।

জানিব পৰা মতে কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ পুৰী, জ্যোতিৰাদিত্য সিন্ধিয়া আৰু কিৰেন ৰিজিজু, জেনেৰেল ভি কে সিঙে ইউক্ৰেইনৰ চুবুৰীয়া দেশসমূহলৈ গৈ ভাৰতীয়সকলক উদ্ধাৰ কাৰ্য ত্বৰাম্বিত কৰি তুলিব।

উল্লেখ্য যে, ইউক্ৰেইনত অসামৰিক বিমান চলাচল বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত ইউক্ৰেইনত আবদ্ধ হৈ থকা ভাৰতীয়সকলক উদ্ধাৰৰ ক্ষেত্ৰত সৃষ্টি হৈছে অসুবিধাৰ।

Image

যুদ্ধ বিধ্বস্থ ইউক্ৰেইনৰ পৰা ভাৰতীয়সকলক চুবুৰীয়া দেশসমূহলৈ বাছেৰে কঢ়িয়াই আনি ভাৰতলৈ এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰিয়তে কঢ়িয়াই আনিছে।

ইতিমধ্যে ইউক্ৰেইনৰ দাঁতি কাষৰীয়া ৰোমানিয়াৰ বুখাৰেষ্ট বিমনাবন্দৰৰ পৰা বহু সংখ্যক শিক্ষাৰ্থী কঢ়িয়াই অনা হৈছে ভাৰতলৈ।

উল্লেখ্য যে, অপাৰেচন গঙ্গা’ৰ জৰিয়তে ইউক্ৰেইনত আবদ্ধ ভাৰতীয়ক ঘূৰাই অনাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে চৰকাৰে।

এতিয়ালৈকে, এয়াৰ ইণ্ডিয়াৰ পাঁচখন বিমানেৰে শিক্ষাৰ্থীসহ ১১০০ ৰো অধিক ভাৰতীয় নাগৰিকক ভাৰতলৈ ঘূৰাই অনা হৈছে।

অৱশ্যে, হাজাৰ হাজাৰ ভাৰতীয় এতিয়াও ঘৰলৈ উভতিবলৈ অপেক্ষা কৰি আছে।

Leave a Comment