ইংৰাজী ভাষাত পাঠদান হ’ব গণিত আৰু বিজ্ঞান বিষয়- কি ক’লে ধৃতিৰাজ বাস্তৱ কলিতাই ?

তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ গণিত আৰু সাধাৰণ বিজ্ঞান বিষয়ত ইংৰাজী মাধ্যমৰ ব্যৱহাৰক লৈ ৰাজ্যৰ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।
ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা এই সিদ্ধান্তক বিৰোধীতা কৰিছে বিভিন্ন দল সংগঠনে।
কিন্তু অসম কেবিনেটে গ্ৰহণ কৰা এই সিদ্ধান্তক আদৰণি জনাইছে চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিজ্ঞান শাখাত শীৰ্ষস্থান লাভ কৰা ধৃতিৰাজ বাস্তৱ কলিতাই।

ধৃতিৰাজে কয়- তৃতীয় শ্ৰেণীৰ পৰাই যদি ছাত্ৰ-ছাত্ৰীয়ে গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়িবলৈ পাই তেন্তে আগলৈ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধা হ’ব।
ধৃতিৰাজে লগতে কয় যে, দশম শ্ৰেণীলৈকে অসমীয়া মাধ্যমত পঢ়ি হঠাৎ একাদশ শ্ৰেণীত ইংৰাজী মাধ্যম পঢ়িবলৈ ল’লে ছাত্ৰ-ছাত্ৰী যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। সেয়েহে আৰম্ভণিৰ পৰাই যদি গণিত আৰু সাধাৰণ বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়িবলৈ পায়, তেন্তে বিশেষ সুবিধা হ’ব।
এই সিদ্ধান্তই উঠি অহা প্ৰজন্মক যথেষ্টখিনি অনুপ্ৰানিত কৰাৰ লগতে বিদ্যায়তনিক ক্ষেত্ৰত আগবঢ়াত সহায় কৰিব- ধৃতিৰাজ বাস্তৱ কলিতাই।
উল্লেখ্য যে, অসম চৰকাৰৰ এই সিদ্ধান্ত অসম জাতীয় পৰিষদ, অসম সাহিত্য সভাৰ লগতে বিভিন্ন দল সংগঠনে বিৰোধীতা কৰিছে।
গুৱাহাটীত শণিবাৰে অনুষ্ঠিত এখন সংবাদমেলত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে, এয়া চৰম অবৈজ্ঞানিক আৰু অদূৰদৰ্শী সিদ্ধান্ত। ইয়াৰ মাজেৰে কোনো গুণগত পৰিৱৰ্তন নহয়; বৰং ছাত্ৰ-ছাত্ৰী সকলে মাতৃভাষাত শিক্ষা গ্ৰহণৰ অধিকাৰ হেৰুৱাব। বৃটিছৰ দৰে অসমীয়া ভাষা ধ্বংসৰ ষড়যন্ত্ৰণত চামিল হৈছে বিজেপি চৰকাৰ।
লগতে চাওকঃ
মৰ্মান্তিক! পঞ্চম শ্ৰেণীৰ ছাত্ৰী বনশ্ৰীৰ প্ৰাণ কাঢ়ি নিলে জাপানীজ এনকেফেলাইটিছে…
