নিউজ ডেস্কঃ কোনে কয় যে কেৱল মানুহেহে হেৰুওৱাৰ বেদনা অনুভৱ কৰে?
শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰল হৈ পৰিছে এনে এটা ভিডিঅ’, যিটো ভিডিঅ’ প্ৰত্যক্ষ কৰি ভাবুক হৈ পৰিছে নেট ব্যৱহাৰকাৰী।
ভাইৰেল ভিডিঅ’টোত এটা বান্দৰে তাক খাদ্য দিয়া এজন ব্যক্তিৰ ব্যক্তিৰ চিতাৰ কাষত ৰৈ থকা দেখিবলৈ পোৱা গৈছে।
ভিডিঅ’টো চালে এনে লাগে যেন মানুহজনক হেৰুওৱাৰ বেদনাত চিতাৰ কাষত থিয় হৈ হিয়া ঢাকুৰি কান্দিছে বান্দৰটোৱে।
ভাইৰেল ভিডিঅ’টো পূব শ্ৰীলংকাৰ বাটটিকালোয়াৰ বুলি জানিব পৰা গৈছে।
চুটি ভিডিঅ’টোত বান্দৰটোৱে কেইবা মিনিট ধৰি মানুহজনৰ মৃতদেহৰ ওচৰত বহি তেওঁক জগাই তুলিবলৈ চেষ্টা কৰি থকা দেখা গৈছে।
A monkey paying tribute at the #funeral of its master in #Batticaloa.#truelove. pic.twitter.com/Yf3XjRYXwc
— Aslaw CC (@effay123) October 19, 2022
ভিডিঅ’টো দেখি বহু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে আবেগিক হৈ মানুহ আৰু বান্দৰটোৰ বন্ধুত্বক প্ৰশংসা কৰে। বান্দৰটোৰ এই ভংগীমাটোৱে মানুহজনৰ শোকত ভাগি পৰা পৰিয়ালৰ লোক আৰু আত্মীয়-স্বজনকো স্তম্ভিত কৰি তোলে।
জানিব পৰা মতে, ব্যক্তিজনে জীৱিত কালত সদায় এই বান্দৰটোক খাদ্য প্ৰদান কৰিছিল। যাৰ বাবে বান্দৰটোৰ সৈতে ব্যক্তিজনৰ এক অবুজ বন্ধুত্ব গঢ় লৈ উঠিছিল।