আৱাহনৰ মঞ্চত ‘লভিতা’ নাটকখন প্ৰদৰ্শন নকৰাৰ সিদ্ধান্ত নাট্য গোষ্ঠীটোৰ…

ৰাজ্যজুৰি বিৰূপ প্ৰতিক্ৰিয়াৰ পিছত সেও মানিলে আৱাহন থিয়েটাৰ গোষ্ঠীয়ে।

অৱশেষত আৱাহন থিয়েটাৰৰ পৰা প্ৰত্যাহাৰ কৰা হ’ল ‘লভিতা’ নাটকখন।

ৰাজ্যজুৰি সৃষ্টি হোৱা বিতৰ্ক, প্ৰতিক্ৰিয়া আৰু সমালোচনাৰ ওচৰত হাৰ মানি এই সিদ্ধান্ত ল’লে আৱাহন থিয়েটাৰে।

প্ৰস্তুতি পৰাশৰে ফেচবুকৰ জৰিয়তে কৰিলে এই ঘোষণা।

image 107
আৱাহনৰ মঞ্চত ‘লভিতা’ নাটকখন প্ৰদৰ্শন নকৰাৰ সিদ্ধান্ত নাট্য গোষ্ঠীটোৰ... 2

প্ৰস্তুতিয়ে ফেচবুকত লিখিছে-

‘শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, সকলো দল-সংগঠন,সাংস্কৃতিক কৰ্মী,আপোনালোকৰ সকলোৰে মতামতৰ ওপৰত ভিত্তি কৰি “আৱাহন থিয়েটাৰ”ৰ দর্শনীৰ পৰা “লভিতা” নাট খন পৰিবেশন নকৰাৰ সিদ্ধান্ত লোৱা হৈছে।আমি সদাই বিশ্বাস কৰি আহিছোঁ যে ৰাইজৰ উৰ্দ্ধত কোনো নহয়,আমি সাংস্কৃতিক কৰ্মী হিচাপে ধূলিকণা মাত্ৰ।আমাৰ চেষ্টা আছিল চিৰনমস্য ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা দেৱৰ অমৰ সৃষ্টি লভিতাৰ অনুপ্ৰেৰণাৰে স্বাধীনতা সংগ্ৰামৰ সেই সময় খিনিক ভ্ৰাম্যমাণৰ মঞ্চত উপস্থাপন কৰাৰ।আমাৰ উদ্দেশ্যে কেতিয়াও ৰূপকোঁৱৰ জনাৰ সৃষ্টিক বিকৃত কৰাৰ নাছিল আৰু ভৱিষ্যতেও নাথাকিব। পুনৰ দোহাৰিব বিচাৰিছোঁ বিতৰ্ক সৃষ্টিৰে দৰ্শক সৃষ্টি কৰাৰ ধৃষ্টতা আমাৰ নাই।সেয়েহে আপোনালোকৰ অনুৰোধ,দাবী,আৱেগ,আক্ষেপ আৰু স্বাভিমানক গুৰুত্বসহকাৰে লৈ এই নাট খন মঞ্চস্থ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।’

‘পুনৰ দোহাৰিছোঁ কোনো বিতৰ্ক সৃষ্টিৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৱাৰৱালা দেৱৰ অমৰ সৃষ্টিক বিতৰ্কৰ মাজলৈ নিয়াৰ অভিপ্ৰায় আমাৰ নাছিল আৰু আগলৈও নাথাকিব ।আমি মাত্ৰ এটি প্ৰয়াস কৰিছিলোঁ,যদি আমাৰ এই প্ৰয়াসত ভুল ত্ৰুটি ৰৈ গৈছে তেন্তে আমাৰ এই সৎ উদ্দেশ্য তথা চেষ্টাক মাৰ্জনা কৰিব বুলি আমি আশা কৰিলোঁ।’

‘সমূহ শুভাকাংক্ষী ,দৰ্শক তথা আহ্বায়াক সমিতি সকললৈ বিনম্র অনুৰোধ আমাৰ এই পদক্ষেপক সঁহাৰি জনাই “লভিতা “নাট খনৰ ঠাইত আন এখন নাট প্ৰস্তুত কৰি উলিয়াবলৈ আমাক নূন্যতম যিমান সময় লাগে তেতিয়ালৈকে আমাক সহযোগিতা আগবঢ়ায় যেন।’

বি:দ্ৰ:

‘১)মাত্ৰ এটাই অনুৰোধ একাংশলৈ ,ৰাজনীতিৰ মেৰপাকৰ মাজলৈ আমাক টানি আনি আমাক অন্তৰত আঘাত নিদিয়ে যেন।’

‘২) একাংশ সংবাদ মাধ্যমলৈও অনুৰোধ আমাৰ বক্তব্য কিছুমানক কাটি কুটি এটা পৃথক অৰ্থ দিয়াৰ অপচেষ্টাই বিষয় টো আৰু গম্ভীৰ কৰি তুলিছে ,সামাজিক দায়িত্ব সকলোৰে থাকে,আমাৰো আছে, আপোনালোকৰো আছে।’

‘(শিলৰ ৰেখা বাক্য টো আচলতে আৱাহণৰ মঞ্চত চলি থকা নাট খনৰ সম্পৰ্কতহে কোৱা হৈছিল যে ৰাইজৰ মতামতৰ মতে আমি কৰি থকা নাট খন সালসলনি কৰিব নোৱাৰাৰ কোনো কথা নাই ,তাকে একাংশ ৰাইজে যদি ভুল ভাবি আছে বিনম্ৰতাৰে তেখেতসকলক সম্পূৰ্ণ ভাষ্য টো এবাৰ চাই লবলৈ একান্ত অনুৰোধ জনালোঁ।’