চাপৰত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা!
একেলগে সম্পন্ন কৰিবলগীয়া হ’ল মাতৃ-পুত্ৰৰ আদ্যশ্ৰাদ্ধ।
মাতৃৰ আদ্যশ্ৰাদ্ধৰ দিনাই একেলগে পুত্ৰৰো আদ্যশ্ৰাদ্ধ সম্পন্ন কৰিবলগীয়া হ’ল পৰিয়ালৰ লোকে।
ঘটনাটো সংঘটিত হৈছে চাপৰৰ ৮নং ৱাৰ্ডৰ ৰৌমাৰীত।
জানিব পৰামতে, ফলিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিগত ৩২ বছৰে বিনা বেতনে শিক্ষকতা কৰি অহা পৰিমলৰায় নামৰ শিক্ষকজন কিছুদিনৰ পৰা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।
আৰ্থিক সংকটৰ বাবে নিজ গৃহৰ গোধন বিক্ৰী কৰি চিকিৎসা অব্যাহত ৰাখিছিল যদিও নিজ মাতৃৰ আদ্যশ্ৰাদ্ধৰ দুদিন পূৰ্বে নিয়তিৰ ওচৰত হাৰ মানি বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে।
ফলত পৰিয়ালে মাতৃৰ আদ্যশ্ৰাদ্ধৰ লগতে একেলগে সম্পন্ন কৰিবলগীয়া হ’ল পৰিমল ৰায়ৰ আদ্যশ্ৰাদ্ধ।
মৃত্যুৰ সময়ত পৰিমল ৰায়ে পত্নীসহ দুটি পুত্ৰ সন্তানক ইহসংসাৰত এৰি থৈ যায়।
শ্ৰাদ্ধৰ দিনা মৃতকৰ ঘৰত উপস্থিত হৈ বিলাসীপাৰাৰ পূব সমষ্টিৰ বিধায়ক শ্যামচুল হুদাই পৰিমল ৰায়ৰ পৰিয়ালক এটি চৰকাৰী চাকৰি প্ৰদান কৰিবলৈ অসম চৰকাৰ তথা মুখ্যমন্ত্ৰীলৈ দাবী জনাই।