আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ (EWS)ৰ বাবে অব্যাহত থাকিব সংৰক্ষণ, ঐতিহাসিক ৰায়দান উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্কঃ আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ সংৰক্ষণৰ সপক্ষত ঐতিহাসিক ৰায় প্ৰদান উচ্চতম ন্যায়ালয়ৰ।

সোমবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ ৫জনীয়া বিচাৰপীঠে অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীক ইডব্লিউএছ সংৰক্ষণৰ অধীনত অনাৰ সপক্ষে ৰায় প্ৰদান কৰে।

ন্যায়ালয়ে আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে ১০ শতাংশ সংৰক্ষিত কৰাৰ সপক্ষে ৰায় প্ৰদান কৰাৰ পিছত এতিয়া ইডব্লিউএছৰ অন্তৰ্ভূক্ত সাধাৰণ জনতাইও চৰকাৰী চাকৰি আৰু শিক্ষানুষ্ঠানত সংৰক্ষণৰ সুযোগ লাভ কৰিব।

এই গোচৰৰ শুনানি গ্ৰহণ কৰে মুখ্য ন্যায়াধীশ ইউ ইউ ললিতকে ধৰি পাঁচজন ন্যায়াধীশৰ সংমণ্ডল বিচাৰপীঠে।

বিচাৰপীঠৰ তিনিগৰাকী ন্যায়াধীশে সংৰক্ষণৰ সপক্ষত যুক্তি আগবঢ়ায়।

অৱশ্যে মুখ্য ন্যায়াধীশে এই সংৰক্ষণৰ বিৰোধিতা কৰি কয় যে অনুসূচীত জাতিসমূহৰ আৰ্থিকভাৱে দুৰ্বল লোকৰ সংখ্যা বহুত। কিন্তু নতুন সংৰক্ষণ ব্যৱস্থাই অনুসূচিত জনজাতিৰ লগত অন্যায় কৰিব।

উল্লেখ্য যে, আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১০ শতাংশ সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে সাধাৰণ শ্ৰেণীৰ বাবে সংৰক্ষিত আসন হ্ৰাস কৰি কেন্দ্ৰই বঞ্চিত কৰা বুলি অভিযোগ উত্থাপন হৈছিল।

অৱশ্যে সাধাৰণ শ্ৰেণীৰ বাবে আবণ্টিত ৫০ শতাংশ আসনত কোনো কৰ্তন নহ’ব বুলি কেন্দ্ৰই ইতিমধ্যে স্পষ্ট কৰি দিছে।

১০ শতাংশ আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে পৃথকে সংৰক্ষণ কৰা হ’ব বুলিও মন্তব্য কৰে কেন্দ্ৰীয় চৰকাৰে।

কেন্দ্ৰীয় চৰকাৰে সংৰক্ষণৰ সপক্ষত যুক্তি প্ৰদৰ্শন কৰি কয় যে যদি জাতিৰ ভিত্তিত পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা আছে, তেন্তে আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ বাবেও সংৰক্ষণৰ ব্যৱস্থা থকা উচিত।

২০১৯ চনত সাংবিধানিক সংশোধনীৰ জৰিয়তে অৰ্থনৈতিক সংৰক্ষণক স্বীকৃতি প্ৰদান কৰাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হয়।

উচ্চতম ন্যায়ালয়ত প্ৰায় ৪০টা গোচৰৰ শুনানি গ্ৰহণ কৰা হয়। এই গোচৰৰ শুনানিৰ অন্ত পৰিছিল ছেপ্টেম্বৰ মাহত। সোমবাৰে উচ্চতম ন্যায়ালয়ে এই গোচৰ সন্দৰ্ভত ৰায় দিয়ে।