আৰম্ভ হ’ল বছৰৰ প্ৰথমটাে ঘূৰ্ণী টাউতেৰ ধ্বংসলীলা, মৃত্যু ৪

May 16, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ভয়ংকৰভাৱে শক্তি বাঢ়িছে ঘূৰ্ণী বতাহ টাউতেৰ। দেশত বৰ্তমান ভয়ংকৰ ৰূপ লৈছে কোৰোনা মহামাৰীয়ে। তাৰ লগে লগে ভূতৰ ওপৰত দানহ পৰাদি পৰিছেহি ঘূৰ্ণী বতাহ টাউতে। বৰ্তমান আৰম্ভ হ’ল টাউতেৰ ধ্বংসলীলা।

দিল্লীৰ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনোৱা অনুসৰি, ১৬-১৯ মে’ পৰ্যন্ত ১৫০-১৬০ কিমি গতিবেগত এই ঘূৰ্ণী বতাহ বলাৰ সম্ভাৱনা আছে। সময় অনুযায়ী ইয়াৰ গতিবেগ ১৭৫ পৰ্যন্ত হব পাৰে বুলিও আশংকা প্ৰকাশ কৰিছে।

ইতিমধ্যে এই ঘূৰ্ণী বতাহৰ শক্তি বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। বৰ্তমানলৈকে ৪ জনৰ মৃত্যু হোৱা বুলিও জানিব পৰা গৈছে। ৭৩ খন গাওঁ হৈছে ধ্বংস।

এই কথা জানিবলৈ দিছে কৰ্ণাটকৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পই নিজেই এই পৰিস্থিতি সন্দৰ্ভত ৰাখিছে দৃষ্টি।

তাৰ বিপৰীতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিছে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে। এই পৰিস্থিতিৰ সতৰ্কতামূলক ব্যৱস্থা হিচাপে মুম্বাই কভিড কেন্দ্ৰৰ ৫৮০ জন ৰোগীক অন্য ঠাইলৈ স্থানান্তৰ কৰা হৈছে।

পুনে আৰু গোৱাত দুৰ্যোগ ব্যৱস্থাপনা বাহিনীয়ে নিজেই দৃষ্টি ৰাখিছে দুৰ্যোগ সম্ভাৱনা অঞ্চল সমূহত। মুম্বাই সহ সমগ্ৰ মহাৰাষ্ট্ৰত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। সেই অঞ্চলত দেওবাৰৰ পৰা প্ৰৱেশ কৰিব টাউতে। মুম্বাইত আৰম্ভ হৈছে প্ৰৱল বৃষ্টিপাত।

উল্লেখ্য যে বৰ্তমান পশ্চিম গোৱাৰ পৰা ১৫০ কিমি, দক্ষিণ মুম্বাইৰ পৰা ৪৯০ কিমি আৰু গুজৰাটৰ পৰা ৭৩০ কিমি দূৰত অৱস্থান কৰিছে ঘূৰ্ণী বতাহ টাউতে। বতৰ বিজ্ঞান বিভাগৰ পূৰ্বানুমান অনুসৰি, ১৮ মে’ত টাউতে প্ৰৱেশ কৰিব গুজৰাট উপকূলত।

লগতে চাওকঃ

ৰাজ্যত ক’ভিড-১৯ত অৰ্দ্ধ শতাধিকৰ মৃত্যু, বাঢ়িছে আক্ৰান্তৰ সংখ্যা