fbpx
অসম

আৰম্ভ হ’ল গুৱাহাটী পৌৰ নিৰ্বাচন, EVMত বন্দী হ’ব ২০৮ গৰাকী প্ৰাৰ্থীৰ ভাগ্য…

বহু প্ৰতীক্ষাৰ অন্তত আজি গুৱাহাটী পৌৰ নিগমৰ ভোটগ্ৰহণ।

পুৱা ৭.৩০ বজাৰ পৰা গুৱাহাটীৰ ৭৫৭টা ভোটকেন্দ্ৰত ভোটাদান গুৱাহাটী মহানগৰ বাসীয়ে।

আবেলি ৪.৩০ বজাত এই ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ সামৰণি পৰিব।

ভোটাৰৰ সংখ্যা ৭ লাখ ৯৭ হাজাৰ ৮০৭ গৰাকী। ইয়াৰে ৩ লাখ ৯৭ হাজাৰ ১২৮ গৰাকী পুৰুষ আৰু ৪লাখ ৬৫৪গৰাকী মহিলা। ২৬ গৰাকী তৃতীয় লিংগৰ ভোটাৰ।

প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত এগৰাকীকৈ প্ৰিজাইডিং বিষয়াৰ লগতে তিনিগৰাকীকৈ প’লিং বিষয়া নিয়োজিত কৰা হৈছে।

মুঠ ৭৫৭ টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত ৮০ টা ভোটগ্ৰহণ কেন্দ্ৰ কেবল মহিলাৰ দ্বাৰা পৰিচালিত কৰা হৈছে।

মুঠ ৬০ টা ৱাৰ্ডৰ ভিতৰত ৬, ৭ আৰু ২২ নম্বৰ ৱাৰ্ডৰ প্ৰাৰ্থী তিনিগৰাকী বিনাপ্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হৈছে।

২৪ এপ্ৰিলত পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা।

উল্লেখযোগ্য যে, সুদীৰ্ঘ ৯ বছৰৰ মুৰত গুৱাহাটী পৌৰ নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে আৰু এইবাৰ প্ৰথমবাৰৰ বাবে গুৱাহাটী পৌৰ নিৰ্বাচনত ইভিএম ব্যাৱহাৰ কৰা হৈছে।

ব্যাপক প্ৰচাৰৰ পিচত কাৰ দখললৈ যাব গুৱাহাটী পৌৰ নিগম। তাকে লৈ চৰ্চা আৰম্ভ।

আগ্ৰাসী ৰূপত নিৰ্বাচনী প্ৰচাৰ চলাইছিল শাসকীয় বিজেপি দলে। ইপিনে মুখ্য বিৰোধী দল কংগ্ৰেছৰ বিপৰীতে বিজেপিৰ মূৰৰ কামোৰণি হৈছে আম আদমী পাৰ্টীহে।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!