আৰম্ভণি ঘটিল জীৱনৰ এটা নতুন অধ্যায়ৰ! সমাজক সাক্ষী কৰি গুৱাহাটীৰ ৰূপাৰ সৈতে বিয়াত বহিল দীপাংক নাথ…

নিউজ ডেস্কঃ সাংগঠনিক জীৱন পৰিত্যাগৰ পিছত এটা নতুন জীৱনৰ আৰম্ভণি ঘটাই অৱশেষত বিয়াত বহিল আছুৰ সদ্য পদত্যাগী সভাপতি দীপাংক কুমাৰ নাথ।

গুৱাহাটীৰ নিৱাসী শিক্ষয়িত্ৰী ৰূপা হাজৰিকাৰ সৈতে বৃহস্পতিবাৰে সামাজক সাক্ষী কৰি যুগ্ম জীৱনৰ পাতনি মেলিলে দীপাংক নাথে।

image 91
আৰম্ভণি ঘটিল জীৱনৰ এটা নতুন অধ্যায়ৰ! সমাজক সাক্ষী কৰি গুৱাহাটীৰ ৰূপাৰ সৈতে বিয়াত বহিল দীপাংক নাথ… 4

গুৱাহাটীত অনুষ্ঠিত হোৱা এই অনুষ্টুপীয়া বিবাহ অনুষ্ঠানত উপস্থিত থাকিল সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন সংগঠনৰ কেইবাগৰাকীও নেতা-কৰ্মকৰ্তা।

দীপাংক নাথৰ যুগ্ম জীৱনৰ পাতনি বেলাত বিবাহ বাহৰত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ সভাপতি তথা একালৰ সতীৰ্থ লুৰিণজ্যোতি গগৈও।

image 92
আৰম্ভণি ঘটিল জীৱনৰ এটা নতুন অধ্যায়ৰ! সমাজক সাক্ষী কৰি গুৱাহাটীৰ ৰূপাৰ সৈতে বিয়াত বহিল দীপাংক নাথ… 5

উল্লেখ্য যে, বিয়াৰ বাবেই বিগত কিছুদিন পূৰ্বে আছুৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল দীপাংক কুমাৰ নাথে।

তাৰ পিছতে তেওঁ ৰাজহুৱাকৈ ঘোষণা কৰিছিল তেওঁৰ বিয়াৰ কথা।

image 93
আৰম্ভণি ঘটিল জীৱনৰ এটা নতুন অধ্যায়ৰ! সমাজক সাক্ষী কৰি গুৱাহাটীৰ ৰূপাৰ সৈতে বিয়াত বহিল দীপাংক নাথ… 6

আনহাতে বিয়াৰ পিছতে ৰাজনীতিৰ পথাৰতো প্ৰৱেশ কৰাৰ ইংগিত ইতিমধ্যেই দি থৈছে দীপাংক নাথে।

অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে শেহতীয়াকৈ জনোৱা মতে, বিয়াৰ পিছতে অজাপৰ নেতৃত্ব বহন কৰিব দীপাংক কুমাৰ নাথে।