আৰতি তুৰি হত্যাকাণ্ড! গ্ৰেপ্তাৰ দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন…

নিউজ ডেস্কঃ প্ৰথমে নিলম্বন, তাৰ পিছতে গ্ৰেপ্তাৰ কৰা হ’ল দৰং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনৰ।

ধূলাৰ আদিবাসী কিশোৰী আৰতি তুৰিৰ হত্যাকাণ্ডৰ গোচৰৰ তদন্তত গাফিলতি কৰাৰ অভিযোগত মঙলবাৰে অপৰাধ অনুসন্ধান বিভাগে গ্ৰেপ্তাৰ কৰে নিলম্বিত এএছপি ৰূপম ফুকনৰ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে এই একেটা গোচৰত ভুৱা মৰণোত্তৰ প্ৰতিবেদন প্ৰদানৰ অভিযোগত সোমবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল মঙলদৈ অসামৰিক চিকিৎসালয়ৰ তিনিগৰাকী চিকিৎসকক।

rupam phukan
আৰতি তুৰি হত্যাকাণ্ড! গ্ৰেপ্তাৰ দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন… 2

ইফালে আৰতি তুৰি হত্যাকাণ্ডৰ তদন্তত গাফিলতিৰ অভিযোগত পূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছিল ধূলা আৰক্ষী থানাৰ নিলম্বিত ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাসহ ৩ জন আৰক্ষীক।

প্ৰণিধানযোগ্য যে, ধূলাৰ বনকৰা কিশোৰী আৰতি তুৰিৰ ৰহস্যজনক মৃত্যুক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কিশোৰীগৰাকীৰ মৃত্যুৰ তদন্তৰ বাবে এখন ৫ জনীয়া তদন্ত সমিতি গঠন কৰি দিয়া হৈছিল।