আৰক্ষী বিষয়া মস্কাে শইকীয়াৰ আকস্মিক বিয়ােগ, শােক প্ৰকাশ মন্ত্ৰী কেশৱ মহন্ত-ডিজিপিসহ বিভিন্নজনৰ

নিউজ ডেস্ক। অসম আৰক্ষীৰ পৰিদৰ্শক তথা দৰং জিলাৰ মঙ্গলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মস্কাে শইকীয়াৰ আকস্মিক বিয়ােগত মৰ্মাহত হৈ পৰিছে অসম আৰক্ষীৰ পৰিয়াল।

Mosco-Saikia-OC-Mangaldoi-sudden-death-on-19-12-21-Pix-BY-UB-Photos

এগৰাকী নিষ্ঠাৱান তথা কঠােৰ পৰিশ্ৰমী বিষয়াগৰাকীৰ এনে আকস্মিক মৃত্যুৰ ঘটনাত গভীৰ শােক প্ৰকাশ কৰিছে অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যােতি মহন্ত, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙকে ধৰি বিভিন্ন ব্যক্তি, দল তথা সংগঠনে।

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যােতি মহন্তই টুইট কৰি মন্তব্য কৰে, ”মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, পৰিদৰ্শক মস্কো শইকীয়াৰ বিয়োগৰ খবৰটো শুনি অতি মৰ্মাহত হৈছো। তেখেতৰ দৰে বিষয়াক অকালতে হেৰুৱাবলগীয়া হোৱাটো অসম আৰক্ষীৰ বাবে বৃহৎ ক্ষতি। প্ৰয়াত শইকীয়াৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলো।”

ইপিনে, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙেও টুইট কৰি বিষয়াগৰাকীৰ মৃত্যুত গভীৰ শােক প্ৰকাশ কৰাৰ লগতে শােক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ফেচবুক প’ষ্ট কৰি বিষয়াগৰাকীৰ মৃত্যুৰ খবৰত দুঃখিত বুলি মন্তব্য কৰে। এই ঘটনা নিতান্তই অভাৱনীয় বুলি মন্তব্য কৰি তেওঁৰ আত্মাৰ সদগতি কামনা কৰে। লগতে শােক সন্তপ্ত পৰিয়াল বৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে মন্ত্ৰী কেশৱ মহন্তই।

উল্লেখ্য যে নগাঁও জিলাৰ কলিয়াবৰৰ বাসিন্দা প্ৰয়াত মস্কাে শইকীয়াই বৃদ্ধ মাতৃ, পত্নী তথা দুই সন্তানক ইহ সংসাৰত এৰি থৈ যায়।

তেওঁৰ মৃত্যুত কলিয়াবৰ প্ৰেছ ক্লাব, প্ৰাক্তন আছু সচেতন মঞ্চকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰে।

এইগৰাকী সুদক্ষ আৰক্ষী বিষয়াৰ মৃত্যুত কৰ্মক্ষেত্ৰ মঙলদৈতো শোকৰ ছাঁ পৰিছে।

মঙলদৈৰ বিভিন্ন দল-সংগঠন আৰু বিভিন্ন লোকে শইকীয়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি আত্মাৰ চিৰশান্তি কামনা কৰিছে।

লগতে চাওকঃ

অসমৰ প্রথম আন্তঃৰাষ্ট্রীয় টেবুল টেনিছ তাৰকা ডঃ নন্দিনী বৰুৱা শৰ্মাৰ দেহাৱসান

Leave a Comment