আৰক্ষী থানাত ৰাইজক কৰিব লাগিব নম্ৰ ব্যৱহাৰ, সহকৰ্মীকো দিব লাগিব সন্মান-মৰ্যাদাঃ জি পি সিং

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত নতুন আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ গুৰুত্বপূৰ্ণ বৈঠক৷

বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷

সেই অনুসৰি–‘মুখ্য কাৰ্যালয়, SPৰ কাৰ্যালয়ত থাকিব লাগিব এজন বিষয়া৷

পুৱা ১১.৩০ৰ পৰা বিয়লি ১.৩০ বজালৈ থাকিব লাগিব বিষয়া, বিষয়াগৰাকীৰ উপস্থিতিত নিষ্পত্তি কৰা হ’ব ৰাইজৰ অভাৱ-অভিযোগ’৷

আৰক্ষী থানাত স্থানীয় ভাষা অথবা দ্বি-ভাষিক নামফলক বাধ্যতামূলক৷

‘SPৰ অধীনস্থ এলেকাত নিয়োজিত আৰক্ষীৰ বাবে সপ্তাহত এদিনৰ ছুটী৷ জৰুৰী অৱস্থাৰ বাহিৰে অন্যান্য দিনত প্ৰযোজ্য হ’ব এই নিয়ম৷

থানা আৰু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় এই নিয়ম৷

মুখ্য কাৰ্যালয়, আৰক্ষী সংস্থাত পেঞ্চন সম্পৰ্কীয় কাম-কাজ নিষ্পত্তি বাধ্যতামূলক৷

image 23
আৰক্ষী থানাত ৰাইজক কৰিব লাগিব নম্ৰ ব্যৱহাৰ, সহকৰ্মীকো দিব লাগিব সন্মান-মৰ্যাদাঃ জি পি সিং 2

পেঞ্চন সম্পৰ্কীয় কাম-কাজৰ মীমাংসাৰ বাবে দুমাহৰ সময়সীমা নিৰ্ধাৰণ’৷

‘জিলা, বেটেলিয়ন, আৰক্ষী সংস্থাত মহিলা আৰক্ষীৰ বাবে পৃথক শৌচালয়৷

আৰক্ষী থানাত ৰাইজক কৰিব লাগিব নম্ৰ ব্যৱহাৰ৷ সহকৰ্মীকো দিব লাগিব সন্মান আৰু মৰ্যাদা৷