আৰক্ষী-ডকাইতৰ মাজত সংঘৰ্ষত গুলীবিদ্ধ সাধাৰণ লোক, চিকিৎসাৰ খৰচ বহন কৰিব আৰক্ষীয়ে…

নিশা ৰূপহীহাটত আৰক্ষী ডকাইতৰ মাজত সংঘৰ্ষ।

সংঘৰ্ষত গুলীবিদ্ধ হৈছে এজন সাধাৰণ লোক।

ভুলবশতঃ নগাঁও আৰক্ষীৰ গুলীত গুলীবিদ্ধ হ’ল ৰাজিবুল হক নামৰ শালপাৰাৰ এজন যুৱক।

জানিব পৰা মতে, ৰূপহীহাট আৰক্ষীৰ দুটা দলে সোমবাৰে নিশা দুই দুৰ্ধৰ্ষ ডকাইতৰ সন্ধানত অভিযান চলাইছিল।

ৰূপহীহাট আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ ৰায়ৰ নেতৃত্বত এটা দলে গুণাবাৰীত অভিযান চলাই পিষ্টল আৰু দুজাই সজীৱ গুলী সহ জামালউদ্দিনক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন এটা অভিযানকাৰী দলে শিঙিমাৰীত জহিৰুল ইছলাম নামৰ ডকাইতটোক গ্ৰেপ্তাৰ কৰিছিল।

পিছে জহিৰুলক গ্ৰেপ্তাৰ কৰিবলৈ যোৱা দলটোক দেখি ৰাজিবুল ইছলাম নামৰ শালপাৰাৰ যুৱকজনে মটৰ চাইকেলেৰে সেই ঠাইৰ পৰা যোৱাৰ চেষ্টা কৰে। লগে লগে আৰক্ষীয়ে ৰাজিবুলৰ মটৰ চাইকেলৰ চকালৈ গুলী কৰিছিল যদিও তেওঁৰ ভৰিত আৰক্ষীৰ গুলীয়ে আঘাত কৰে।

গুলীবিদ্ধ ৰাজিবুলক নগাঁও আৰক্ষীয়ে প্ৰথমে ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও পিছলৈ উন্নত চিকিৎসাৰ বাবে এখন ব্যক্তিগত নাৰ্ছিং হোমলৈ স্থানান্তৰ কৰে।

ৰাজিবুলৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ আৰু তেঁওৰ চিকিৎসাৰ দায়িত্ব নগাঁও আৰক্ষীয়ে লৈছে বুলি নগাঁও আৰক্ষী অধীক্ষক লীনা দলেই জানিবলৈ দি নিজৰ ভুল স্বীকাৰ কৰে।