অসম

আৰক্ষী জালত ৭ জাৰ্মান পৰ্যটক, পৰ্যটকৰ ৰূপত আহি অসমত চলাইছিল ধৰ্মপ্ৰচাৰ…

কাজিৰঙাত পৰ্যটকৰূপী ৭ জার্মান ধৰ্মপ্ৰচাৰকক আটক।

পৰ্যটকৰ ৰূপত ৰাজ্যখনৰ বিভিন্ন ঠাইত ধৰ্ম প্ৰচাৰ কৰিবলৈ অহা সাত জন জার্মান পর্যটকক শুক্ৰবাৰে আৰক্ষীয়ে কাজিৰঙাৰ এখন ব্যক্তিগত পৰ্যটন নিৱাসৰ পৰা আটক কৰে।

নামৰূপৰ চাহ বাগিচাত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰিবলৈ অহা তিনিজন ছুইডেনৰ নাগৰিকক আটক কৰাৰ পাছত শুক্ৰবাৰে কাজিৰঙাত আৰু সাতজন জাৰ্মানী পৰ্যটকৰূপী ধৰ্ম প্ৰচাৰকক আটক কৰে।

আৰক্ষী সূত্ৰে জানিব পৰা মতে, যোৱা ২৫ অক্টোবৰত জাৰ্মানীৰ সাতজন পর্যটক কাজিৰঙাৰ বছাগাৱত অৱস্থিত অতি পুৰণি ৱাইল্ড গ্ৰাছ নামৰ ব্যক্তিগত পৰ্যটন নিৱাসলৈ আহে। তাতে নিশা কটাই ২৬ অক্টোবৰত কাৰ্বি আংলঙৰ বিভিন্ন ঠাইত সাতজনীয়া পৰ্যটকৰূপী দলটোৱে ধৰ্ম প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

ইয়াৰ পাছত সাতজনীয়া দলটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ ছাফাৰী কৰি উক্ত পর্যটন নিৱাস ত্যাগ কৰাৰ সময়ত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি আটক কৰে।

জানিব পৰা মতে, এই দলটোৱে মিছনেৰীৰ পৰিৱৰ্তে টুৰিষ্ট ভিছা লৈ ভাৰতত প্ৰৱেশ কৰিছিল। জাৰ্মানীৰ দলটোৱে টুৰিষ্ট ভিছা লৈ ৰাজ্যখনৰ তিনিচুকীয়া, মাৰ্ঘেৰিটা আৰু কাৰ্বি আংলঙৰ ধৰ্মীয় অনুষ্ঠানত ভাগ লৈছিল।

শুক্ৰবাৰে কাজিৰঙাৰ পৰা গৈ শনিবাৰে তেজপুৰৰ এখন ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আটকাধীন পৰ্যটককেইগৰাকী আচমুছ মাৰ্টেন, ব্লয়েমলিচা আইমি, ভন অহেম্ব কৰ্ণেলীয়া, এলিজাবেথ ফ্ৰিডেৰিক, হিনৰিছ এনড্ৰিছ, মাইকেল এৰিছ স্কেপাৰ আৰু অ’লেৰিয়াছ ক্ৰিছিয়া ডৰেথিক।

আৰক্ষীৰ জেৰাত ভিজাৰ খেলিমেলিৰ কথা স্বীকাৰ পৰ্যককেইগৰাকীৰ।

ধৰ্ম প্ৰচাৰৰ অভিযোগ নস্যাৎ ৭ জাৰ্মান পৰ্যটকৰ।

২৪ ঘণ্টা ধৰি জেৰা আটাইকেইগৰাকী জাৰ্মান পৰ্যটকক।

ভিছাৰ নীতি-নিয়ম ভংগৰ অপৰাধত ৫০০ ডলাৰকৈ জৰিমনা বিহা হৈছে ৭ জাৰ্মান পৰ্যটকক।

Related Articles

Back to top button