আৰক্ষী গুলীত আহত কুখ্যাত অপৰাধী বিমান বৰা…

নিউজ ডেস্ক। পুনৰ অসম আৰক্ষীৰ গুলীত আহত হ’ল এটা কুখ্যাত অপৰাধী।

উজনি অসমৰ কুখ্যাত অপৰাধী বিমান বৰাক গুলীবিদ্ধ।

হত্যা, অপহৰণ, ডকাইতি আৰু চুৰি কাণ্ডৰ দৰে অপৰাধত জড়িত বিমানক তিনিচুকীয়া সমীপৰ কাজিখোৱাত এনকাউণ্টাৰ ডিব্ৰুগড় আৰক্ষীৰ।

এখন গাড়ী চুৰি কৰিবলৈ যোৱা সময়ত কুখ্যাত অপৰাধী বিমানক গ্ৰেপ্তাৰ কৰিবলৈ লোৱা অৱস্থাত পলাবলৈ চেষ্টা কৰা সময়তে আৰক্ষীৰ গুলীত বাওঁ ভৰিত আঘাটপ্ৰাপ্ত হয়।

আৰক্ষীৰ মতে গোলাঘাটৰ পৰা পলায়ন কৰি যোৰহাটৰ পেট্ৰ’ল পাম্পত বিমানে সংঘটিত কৰিছিল ডকাইতি কাণ্ড।

ইয়াৰ পিছতে তেওঁ ডিব্ৰুগড় জিলাত এএমচিত আত্মীয়ৰ চিকিৎসা কৰি নাহকটীয়াৰ পৰা গাড়ী চুৰি কৰি অৰুণাচললৈ গৈছিল।

ইফালে কাজিখোৱাত এখন গাড়ী চুৰি কৰিবলৈ অহাৰ সময়তে আৰক্ষীৰ এনকাউণ্টৰত গুলীবিদ্ধ হয় কুখ্যাত অপৰাধী বিমান বৰা।

এএমচিত চিকিৎসাধীন হৈ থকা বিমানৰ পৰা পিষ্টলসহ এডাল তাঁৰ জব্দ কৰিছে।

Leave a Comment