fbpx
অসম

আৰক্ষী অভিযান বৃহৎ পৰিমাণৰ চোৰাং চেগুন কাঠসহ ট্রাক জব্দ, দুজনক গ্ৰেপ্তাৰ…

ড্ৰাগছ, গাজা, মদ নহয় এইবাৰ আৰক্ষীৰ অভিযানত জব্দ মূল্যবান চোৰাং চেগুন কাঠ।

আৰক্ষী অভিযানত গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত জব্দ হয় চোৰাং চেগুন কাঠ ভৰ্তি এখন ট্ৰাক।

৩১ নম্বৰ(গ) ৰাষ্ট্ৰীয় ঘাই পথেৰে গুৱাহাটীৰ পৰা কলিকতা লৈ গৈ থকা ১৪ চকীয়া ট্রাকখন আটক কৰি তালাচী কৰাৰ পিছত ৰহস্য ভেদ হয়।

বাঁহ কঢ়িওৱা BR 06GC-5890 নম্বৰৰ ট্ৰাকৰ ভিতৰত লুকুৱাই অনা অৱস্থাৰ উদ্ধাৰ হয় কাঠখিনি।

ট্রাকত অনা বাঁহৰ ভিতৰত লুকুৱাই আনিছিল ৭০ লাখ টকাৰ চেগুন কাঠৰ বাটাম।

উক্ত কাঠসমূহৰ কোনো বৈধ নথি-পত্ৰ নোহোৱাকৈ ম্যানমাৰৰ পৰা আনিছিল বুলি প্রকাশ।

গুৱাহাটীৰ এটা পেট্ৰ’ল পাম্পৰ পৰাই এজন চালকে ট্রাকখন আন এজনক চমজাই দিয়ে।

বাঁহ থকা বুলি চালকজনে ট্রাকখন লৈ বংগ অভিমুখে আহি থকা সময়ত শ্ৰীৰামপুৰত আৰক্ষী অভিযান চলাই আটক কৰে।

লগতে সঞ্জয় শৰ্মা আৰু মিৰচি চাহু নামৰ লোক দুজনক আৰক্ষীয়ে আটক কৰে।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!