আৰক্ষীৰ সফলতা! বিলাসী বাহনৰ পৰা জব্দ ৩ কোটি জালনোট, দুই সৰবৰাহকাৰীক আটক…

বকো আৰক্ষীৰ এক সফল অভিযান।

বকোৰ ৰাজাপাৰাত জব্দ হৈছে প্ৰায় ৩ কোটি জাল নোট।

গোৱালপাৰাৰ কৃষ্ণাইৰ পৰা সৰবৰাহ কৰা সময়তে জব্দ হয় জালনোট খিনি।

লগতে গ্ৰেপ্তাৰ দুজন জালনোট সৰবৰাহকাৰী।

ধৃত সৰবৰাহকাৰী দুটাৰ নাম ছাহিদুল ইছলাম আৰু নবিউল ইছলাম। দুয়োজনৰ ঘৰ গোৱালপাৰৰ কৃষ্ণাইৰ।

গোপন খবৰৰ ভিত্তিত বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভদ্ৰেশ্বৰ পেগুৰ নেতৃত্বত এটা দলে ৰাজাপাৰাত এম্বুচ পাতে।

বকো আৰক্ষীয়ে তালাচীৰ সময়ত নীলা ছুইফ্ট ডিজায়াৰ এখনৰ পৰা উদ্ধাৰ কৰে এই বৃহৎ পৰিমাণৰ জাল নোটখিনি।

আৰক্ষীয়ে AS01 BM 4768 নম্বৰৰ মাৰুতি চুইফট খনো জব্দ কৰে।

Leave a Comment