আৰক্ষীৰ সফলতা! অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ ব্যৱসায়ীক, ধৃত ৩

আৰক্ষীৰ সফলতা! অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ ব্যৱসায়ীক, ধৃত ৩

March 2, 2021 0 By NEWS DESK

ৰিপ’ৰ্টঃ নৱজিৎ শৰ্মা। কামৰূপ জিলাৰ মিৰ্জাৰ পৰা অপহৃত ব্যৱসায়ী মুনীন্দ্ৰ তালুকদাৰ ওৰফে মণিক সােমবাৰে নিশা অসম-মেঘালয় আৰক্ষীৰ যুটীয়া প্ৰচেষ্টাত অসম-মেঘালয়ৰ সীমান্তত ৰাজাপাৰা পাহাৰৰ দুৰ্গম স্থানৰ পৰা অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰা হয় ।

এই অভিযানৰ নেতৃত্ব লৈছিল পলাশবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চৈত্যন্দ্ৰ সিং হাজাৰী, কল্যাণজ্যোতি পাঠকৰ ধাৰাবাহিক প্ৰচেষ্টাত উদ্ধাৰ হয় ব্যৱসায়ীজন।

উল্লেখ্য, যোৱা ২০ ফেব্ৰুৱাৰীৰ নিশা নিগৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ঘৰলৈ যােৱা অৱস্থাত অপহৃত হৈছিল ব্যৱসায়ী জন।

অপহৰণকাৰীয়ে অতি দুৰ্গম ব্যৱসায়ীজনক লুকুৱাই ৰাখি পৰিয়ালৰ লােকৰ পৰা মুক্তিপণ আদায়ৰ অপচেষ্টা চলাইছিল যদিও সফল নহ’ল।

মুনীন্দ্ৰ দাস

সোমবাৰে মাজ নিশা অপহৃতক উদ্ধাৰ কৰাৰ বিপৰীতে অপহৰণকাৰী দলৰ তিনিজনকৈ সদস্যক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন লােক কেইজন হ’ল ক্ৰমে ৰাহুল প্ৰধান (২৮) বাগান, খ্ৰিচ বসুমতাৰী(২৩) বাক্সা, আশ্ৰফ আলী(২৮) বৰপেটা।

বৰ্তমান কৰায়ত্ত অপৰাধীকেইজনক আৰক্ষীৰ মাৰাথন জেৰা অব্যাহত ৰাখিছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে এই অপহৰণকাণ্ডৰ লগত জড়িত চাৰিজনকৈ লোকক আৰক্ষীয়ে অভিযান চলায় গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।

এতিয়ালৈ এই অপহৰণকাণ্ডৰ লগত জড়িত সাতজন অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে।

বৰ্তমানলৈকে পলাতক প্ৰাঞ্জল ৰাভা (২৬) বৰঘুৰং, গণেশ দাস (দীপৰ বিল ), বিনয় বড়ো (তামুলপুৰ), বৰলা ৰাভা (উকিয়াম) আৰু জিঅ’ পাগলা (চিৰাং)।

উল্লেখ যে অতিশীঘ্ৰে পলাতক অপাৰাধী কেইজনক কৰায়ত্ত কৰাৰ আশ্বাস আৰক্ষীৰ ৷

লগতে চাওকঃ

ড্ৰাগছ সেৱনকাৰীক ‘অফাৰ’ দি আৰক্ষীৰ বাতৰি কাকতত বিজ্ঞাপন! সামাজিক মাধ্যমত ব্যাপক চৰ্চা

Ele-Pant! হাতীয়ে পিন্ধিলে পেণ্ট-ছাৰ্ট! উদ্যােগপতি আনন্দ মহিন্দ্ৰাৰ টুইট ভাইৰেল

পুনৰ চৰ্চাত ‘লাডেন’! এই বিশেষ কাৰণত চৰ্চালৈ আহিছে ওচামা বিন লাডেনৰ পুত্ৰ…

গাড়ী নহয়, ‘বিলাসী’ চোৰৰ লক্ষ্য দামী গাড়ীৰ চকা! CCTV ত বন্দী চােৰৰ কাণ্ড