আৰক্ষীৰ বৃহৎ সফলতা! ৫ কোটি টকাৰ ড্ৰাগছ জব্দ, দুই সৰবৰাহকাৰীক আটক…

নগাঁও আৰক্ষীৰ বৃহৎ সফলতা, ৫ কোটি টকাৰ ড্ৰাগছ জব্দ।

নগাঁৱৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত চলা অভিযানত জব্দ হয় ড্ৰাগছখিনি।

চামগুৰিৰ ৰঙগড়াত পুৱাই চামগুৰি আৰক্ষীৰ আৰু ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত চলে এই অভিযান।

এই অভিযানত ৰঙগড়াৰ পৰা প্ৰায় পাঁচ কোটি টকাৰ নিচা জাতীয় টেবলেটসহ জব্দ কৰা হয় এখন ছুইফট ডিজায়াৰ বাহন।

0eab6d55 efcc 4795 9d09 64614e53c755

লগতে দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে।

ইম্ফলৰ পৰা গুৱাহাটী অভিমুখে গৈ থাকোঁতে জব্দ কৰা হয় বাহনখন।

ধৃত দুই সৰবৰাহকাৰী মণিপুৰ ইম্ফলৰ আৰিচ খান আৰু ছৰিচ খান বুলি জানিব পৰা গৈছে।

Leave a Comment