অসম
আৰক্ষীৰ বৃহৎ সফলতা! ৪খন বাহনসহ জব্দ ৪৫টাকৈ চোৰাং গৰু, গ্ৰেপ্তাৰ ৫ জন…

চোৰাং গৰুৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান।
ৰূপহীহাটত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা।
আৰক্ষীৰ অভিয়ানত জব্দ ৪৫ টাকৈ চোৰাং গৰু।
লগতে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে ৪ খনকৈ ট্ৰাক।
লগতে ৰূপহীহাট আৰক্ষীয়ে ৫ জনকৈ গৰু সৰবহৰাকাৰীক আটক কৰিছে
ৰূপহীহাটৰ তিনিআলিত আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি চলাইছিল অভিযান।
ৰূপহীহাটৰ গেৰুৱাটি পৰা মেঘালয়লৈ সৰবৰাহ কৰাৰ সময়তে জব্দ কৰে আৰক্ষীয়ে।
জব্দ কৰা কৰা গাড়ী কেইখনৰ নম্বৰ হল AS 02CC 3803, AS 01EV 8969, AS02 CC6972 আৰু AD 09 E 3909
ধৃত গৰু সৰবহৰাকাৰী কেইটা হল- ছিৰাজুল ইছলাম, ৰুফুল আমিন, জয়নাল আৱদিন, অহিদুল ইছলাম আৰু আশ্বাদুল হক।