আৰক্ষীৰ বৃহৎ সফলতা, ১ কোটি ৭৫ লাখ টকাৰ বিদেশী চিগাৰেট জব্দ…

আৰক্ষীৰ বৃহৎ সফলতা।

বিএএছএফ আৰু আৰক্ষীৰ অভিযানত জব্দ ১ কোটি ৭৫ লাখ টকাৰ বিদেশী চিগাৰেট।

কাছাৰ জিলাৰ লক্ষীপুৰত জব্দ কৰা হয় এই বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট৷

134BN বিএএছএফৰ অভিযানত জব্দ হয় বিদেশী চিগাৰেটখিনি৷

লগতে আৰক্ষীয়ে আটক কৰে এই বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট সৰবৰাহ কৰা ৪ সৰবৰাহকাৰীক৷

এক গোপন সূত্ৰৰ ভিত্তিত সোমবাৰে পুৱতিনিশা 134bn BSF ৰ এটা দলে কাছাৰ জিলাৰ লক্ষীপুৰ অঞ্চলত AS01LC1821 নম্বৰৰ এখন মহিন্দ্ৰা পিকআপ ভানত তালাচী অভিযান চলাই প্ৰায় ৪৩ কাৰ্টুন বিদেশী চিগাৰেট জব্দ কৰিবলৈ সক্ষম হয়৷

আটক চাৰি সৰবৰাহকাৰীক ক্ৰমে আৰ্শ্বাদ হুছেইন, ফিৰোজ খান, বিবেক কাশ্যপ আৰু সুৰেশ কুমাৰ চাহু৷

আৰক্ষী সূত্ৰে জানিব পৰা মতে মণিপুৰৰ পৰা অসমলৈ চিগাৰেট খিনি লৈ আনা হৈছিল৷

বৰ্তমানে ধৃত কেইজনক আৰক্ষীৰ জেৰা অব্যাহত ৰাখিছে।

Leave a Comment