অসম
আৰক্ষীৰ বৃহৎ সফলতা, ১০ খন চুৰি বাইক সহ আৰক্ষীৰ জালত গভাইত চোৰ…

পূজাৰ মাজতে আৰক্ষীৰ বৃহৎ সফলতা।
১০ খন চুৰি বাইক সহ আৰক্ষীৰ জালত গোভাইত চোৰ।
নাৰায়ণপুৰৰ শিমলুগুৰি আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা।
বিহপুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত শিমলুগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্বত চলিছিল অভিযান।
আটকাধীন চোৰজন চেচা ৰাজগড়ৰ গোবিন বৰা বুলি জানিব পৰা গৈছে।
বিহপুৰীয়া থানাত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত গোপন সূত্ৰৰ পম খেদি আটক কৰিবলৈ সক্ষম হয় এই ধৃত গোবিন বৰা নামৰ চোৰটোক।
ধৃত চোৰটোৱে বিভিন্ন স্থানৰ পৰা বাইকসমূহ চুৰ কৰি বিক্ৰী কৰি আহিছিল।
ইতিমধ্যে আটকাধীন গোবিন বৰাক সোধা-পোছা অব্যাহত ৰাখিছে শিমলুগুৰি আৰক্ষীয়ে।