fbpx
মণিপুৰ

আৰক্ষীৰ বৃহৎ সফলতা! উত্তৰ-পূবৰ এইখন ৰাজ্যত জব্দ ৮২ কোটি টকা মূল্যৰ ড্ৰাগছ, এজনক গ্ৰেপ্তাৰ…

ড্ৰাগচৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ সফলতা।

চুবুৰীয়া ৰাজ্য মণিপুৰত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ।

সুৰক্ষা বাহিনীৰ এটা যুটীয়া দলে দেওবাৰে অভিযান চলাই জব্দ কৰে ৮২ কোটি টকা মূল্যৰ ড্ৰাগছ।

লগতে এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

ধৃত সৰবৰাহকাৰীজন হৈছে য়ুমখাইবাম মুস্তাফা।

আৰক্ষীয়ে মুঠ ৫৪.৬৮ কিলোগ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয় মুস্তাফাৰ পৰা।

ভাৰতীয় ৰিজাৰ্ভ বেটেলিয়ন (আইআৰবি), নাৰ্কোটিক্স এণ্ড এফেয়াৰ্ছ অৱ বৰ্ডাৰ (এনএবি) আৰু লিলং আৰক্ষীৰ এটা দলে যুটীয়াভাৱে চলাইছিল এই অভিযান।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!