আৰক্ষীৰ প্ৰচেষ্টাত উদ্ধাৰ ৪ টা অপহৃত শিশু, গ্ৰেপ্তাৰ মহিলাসহ সৰবৰাহকাৰী চক্ৰৰ ৪ সদস্য

May 16, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যৰ একাধিক জিলাত সক্ৰিয় হৈ আছে শিশুৰ চােৰাং সৰবৰাহকাৰী চক্ৰ। মূলতঃ দৰিদ্ৰ পৰিয়ালৰ শিশুক লক্ষ্য কৰি এই চক্ৰটােৱে বহিঃৰাজ্যত বিক্ৰী কৰি আহিছে।

শেহতীয়াকৈ আৰক্ষীৰ প্ৰচেষ্টাত উৎখাত হৈছে এনে এটা চক্ৰ। অসমৰ শিশুক অৰুণাচল প্ৰদেশৰ মধ্যভােগীৰ হাতত বিক্ৰী কৰিছিল এই চক্ৰটােৱে।

জানিব পৰা মতে, বিহালী আৰক্ষী থানা আৰু বৰগাং আৰক্ষী চকীৰ অন্তৰ্গত বৰগাং মৰাণ গাঁও আৰু টুংবাৰীৰ পৰা বিগত ছমাহৰ ভিতৰত চাৰিটাকৈ শিশুক অপহৰণ কৰি নিয়া হৈছিল।

জানিব পৰামতে, যোৱা ৬ মে’ত স্থানীয় ৰাইজে ইৰফা খান (২০) আৰু চুমন দাস (১৫) নামৰ অপহৰণৰ লগত জড়িত দুটা অপৰাধীক আটক কৰি আৰক্ষীক চমজাই দিয়ে।

ইয়াৰ পাছতে বিহালী আৰক্ষী চক্ৰ বিষয়া আৰু বিহালী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত উদ্ধাৰ কৰা হয় শিশুকেইটা।

আৰক্ষীয়ে আটকাধীন লােককেইজনক জেৰা চলাই যােৱা ১২ মে’ত গহপুৰৰ মিকিৰ চাং ডফলাগড়ৰ আশিক পানিকা ওৰফে বাবু, চত্ৰং নেপালী, গহপুৰৰ পৰা জ্যোৎস্না দেউৰী (২৮) আৰু তেওঁৰ স্বামী দামোদৰ দেউৰী (৪৫) ক আটক কৰে।

আটকাধীন অপৰাধীক আৰক্ষীয়ে সোধা-পোছা কৰি তদন্ত আৰম্ভ কৰে।

আৰক্ষীয়ে জ্যোৎস্না নামৰ মহিলাগৰাকীৰ ঘৰৰ তিনিটা শিশুক উদ্ধাৰ কৰে।

তেওঁলোকে আৰক্ষীক জনোৱামতে, ইৰফান খান আৰু চুমন দাসে শিশুকেইটা ফুচলাই নি বাবুক গতাই দিয়ে।

বাবুৱে জ্যোৎস্না দেউৰীক দিয়ে আৰু জ্যোৎস্নাই অৰুণাচলৰ গংগা নামৰ এখন গাঁৱৰ দোকানত আনিয়া মালা নামৰ এগৰাকী ব্যক্তিক গতাই দিয়ে।

পাছত আনিয়াই শিশুকেইটা বিক্ৰী কৰে। এটা শিশুৰ বাবত তেওঁলোকে ৮০-৯০ হাজাৰকৈ টকা লাভ কৰে।

স্থানীয় সচেতন লােকে আৰক্ষীৰ ভূমিকাক শ’লাগিছে।