অসমঅসমীয়া

আৰক্ষীৰ নিষ্ঠুৰতা! পিতৃ-মাতৃৰ সৈতে বাইকত উঠি অহা কণমানিক লাঠীৰে প্ৰহাৰ কৰি ফালিলে মূৰ…

নিউজ ডেস্ক। পুনৰ জনসাধাৰণৰ সৈতে বৰ্বৰ ব্যৱহাৰ আৰক্ষী জােৱানৰ।

তালাচীৰ নামত বাইক ৰখাই কােনাে কাৰণ নজনােৱাকৈ লাঠীৰে তীব্ৰ প্ৰহাৰ বাইক আৰােহীৰ লগতে পত্নী-কন্যাক।

আৰক্ষী কনিষ্টবলৰ লাঠীৰ কােবত মূৰ ফালিল গুৰুতৰভাৱে আহত হ’ল এগৰাকী ৬ বছৰীয়া কণমানি।

আৰক্ষীৰ এনে বৰ্বৰ আচৰণ দেখি হতবাক প্ৰত্যক্ষদৰ্শী।

এই চাঞ্চল্যকৰ ঘটনাৰ স্থান ধুবুৰী জিলাৰ শালকোচা।

G1 2

জানিব পৰা মতে, শুকুৰবাৰে বিয়লি ইয়াকুৰ আলী নামৰ চাপৰ-মৌৱাটাৰীৰ লােকজনে নিজ পত্নী আৰু ছবছৰীয়া কন্যা সন্তানক লৈ নয়াহাটৰ পৰা নিজৰ বাইকেৰে ঘৰলৈ গৈ আছিল।

তেনে সময়তে শালকােচা আৰক্ষী চকীৰ সন্মুখতে শালকোচা আৰক্ষীৰ হেড কনিষ্ঠবল সিবেশ সেন গুপ্তাই হঠাতে বাইকখন ৰখাই কােনাে কাৰণ নজেনাৱাকৈ লাঠীৰে প্ৰচণ্ড কােব সােধায় কণমানিজনীৰ লগতে পিতৃ-মাতৃকাে।

কনিষ্টবলগৰাকীৰ লাঠীৰ প্ৰচণ্ড কােবত শিশুটিয়ে মূৰত প্ৰচণ্ড আঘাত পায় আৰু ৰক্তক্ষৰণ হয়।

গুৰুতৰভাৱে আহত শিশু গৰাকীক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও লৈ প্ৰেৰণ কৰা হয়।

ইপিনে, উক্ত ঘটনাৰ খবৰ লাভ কৰি লগে লগে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে ধুবুৰীৰ জিলা আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে।

লগে লগে নিলম্বন কৰা হয় অভিযুক্ত হাবিলদাৰ সিবেশ সেন গুপ্তাক।

Related Articles

Back to top button