অসম

আৰক্ষীৰ নিযুক্তি পৰীক্ষাত ভুৱা কম্পিউটাৰ প্ৰমাণপত্ৰ দাখিল, ৮জনক গ্ৰেপ্তাৰ চি আই ডিৰ

আৰক্ষীৰ নিযুক্তি পৰীক্ষাত ভুৱা কম্পিউটাৰৰ প্ৰমাণপত্ৰ দাখিলৰ অভিযোগত ৮জন প্ৰাৰ্থীক গ্ৰেপ্তাৰ।

সোমবাৰে সোধা-পোছাৰ অন্তত চিআইডিয়ে গ্ৰেপ্তাৰ কৰে ৮ অভিযুক্তক।

গ্ৰেপ্তাৰ কৰা প্ৰাৰ্থীসকলৰ নাম জানিব পৰা হোৱা নাই।

উল্লেখযোগ্য যে অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তিৰ প্ৰক্ৰিয়া নিকা আৰু স্বচ্ছতাৰে সম্পন্ন কৰাৰ বাবে আৰক্ষী নিযুক্তি ব’র্ডে প্রার্থীসকলে আবেদনপত্ৰৰ সৈতে গাঁঠি দিয়া সকলো নথি তন্ন তন্নকৈ পৰীক্ষা কৰিছিল।

এইদৰে নথি পুনৰীক্ষণত ৪১৪ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰা কম্পিউটাৰ পাঠ্যক্ৰমৰ প্ৰমাণপত্ৰক লৈ সন্দেহৰ সৃষ্টি হয়।

নিযুক্তি ব’র্ডে লগে লগে এই ৪১৪ গৰাকী প্ৰাৰ্থীক বাছনিৰ আওতাৰ পৰা বাহিৰত ৰাখে আৰু বিষয়টো তদন্তৰ বাবে চি আই ডিত গোচৰ তৰে।

ইয়াৰ পৰৱৰ্তী সময়ত চি আই ডিয়ে প্ৰাৰ্থীসকলক তলব কৰি তেওঁলোকৰ নথি-পত্ৰ সংগ্ৰহ কৰে আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা কম্পিউটাৰ প্রতিষ্ঠানসমূহতো অনুসন্ধান চলায়।

দিনজোৰা জেৰাৰ অন্তত চি আই ডিয়ে ৮ জন প্রার্থীক গ্ৰেপ্তাৰ কৰি বাকী কেইজনক যাবলৈ দিছে। এই ১৩ জন প্রার্থীক অহা ২০ অক্টোবৰত পুনৰ চি আই ডিত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, চি আই ডিয়ে ভুৱা প্ৰমাণপত্ৰ দাখিল কৰা প্ৰায় ১০০ জন প্রার্থীক তলব কৰিব বুলি জনা গৈছে।

Related Articles

Back to top button