হেণ্ডকাফ খুলি আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা আচামী পুনৰ পৰিল আৰক্ষীৰ জালত।
চাপৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা আচামীক গতালে ৰাইজে।
পলাতক আচামী ছাজিছ আলীক (১৯) স্থানীয় ৰাইজে আটক কৰি সমজাই দিলে চাপৰ আৰক্ষীক।
উল্লেখ্য যে, আদালতৰ চৌহদৰ প্ৰথম মহলাৰ পৰা জপিয়াই পলায়ন কৰিছিল আছামী ছাজিছ আলীয়ে।
ড্ৰাগছ সৰবৰাহৰ অভিযোগত আটক কৰিছিল পলাতক আচামীটোক।
চাপৰক থানাত ২০০/২২ নম্বৰ আৰু ২১এ এনডিএছৰ ধাৰাত গোচৰ পঞ্জীয়ন কৰি শুকুৰবাৰে আদালত হাজিৰ কোৰোৱাৰ সময়তে আৰক্ষীৰ জিম্মাৰ পৰা আচামীয়ে হেণ্ডকাফ খুলি পলায়ন কৰিছিল।