আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোঁতেই নদীত পৰি মৃত্যু কুখ্যাত অপৰাধীৰ…

আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোঁতেই নদীত পৰি মৃত্যু কুখ্যাত অপৰাধীৰ।

হাজোৰ কুখ্যাত অপৰাধী, ডকাইত, হত্যাকাৰী চানফুল আলীৰ মৃত্যু।

শুক্ৰবাৰে হাজোত সংঘটিত এটা হত্যাকাণ্ডৰ গোচৰৰ তদন্ত কৰিবলৈ বাক্সালৈ লৈ যোৱাৰ সময়তে কামৰূপ আৰক্ষীৰ চকুত ধুলি দি পলাবলৈ লওঁতেই নদীৰ পানীত পৰি মৃত্যু হৈছে দুৰ্ধৰ্ষ চানফুলৰ।

আৰক্ষীৰ তদন্তৰ সময়তে নৈত জাঁপ মাৰে কুখ্যাত অপৰাধী চানফুল আলীয়ে।

এই ঘটনাৰ পিছতে আৰক্ষীয়ে ততাতয়াকৈ ডকাইতটোক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে চানফুলক।

অভিযোগ অনুসৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শতাধিক হত্যা আৰু ডকাইটি কাণ্ড সংঘটিত কৰিছিল চানফুলে আলীয়ে।

বৰ্তমান চানফুলৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰিছে কামৰূপ আৰক্ষীয়ে।

উল্লেখ্য যে, ২৮ নবেম্বৰত হাজোৰ খোপনিকুছিত ছফিকুল আলী নামৰ এজন যুৱকক ৭-৮ জনীয়া এটা দুৰ্বৃত্তৰ দলে অপহৰণ কৰি যুৱকজনক ওলালগুৰিৰ খৈৰাবাৰিত হত্যা কৰি পেলাই থৈছিল।

এই ঘটনাৰো মুল মাষ্টাৰ মাইণ্ড আছিল এইটো চানফুল আলী।

লগতে চাওকঃ

নাহৰফুটুকী বাঘক খেদি নি পুত্ৰৰ জীৱন ৰক্ষা কৰিলে মাতৃয়ে

Leave a Comment