আৰক্ষীৰ জিম্মাৰ পৰাই নদীত জাঁপ দি পলায়ন দুৰ্ধৰ্ষ চোৰাং চিকাৰীৰ…

এক চাঞ্চল্যকৰ ঘটনা।

আৰক্ষীৰ জিম্মাৰ পৰাই পলায়ন দুৰ্ধৰ্ষ চোৰাং চিকাৰীৰ।

এই ঘটনাটো সংঘটিত হৈছে কাজিৰঙাত।

বন বিভাগ আৰু আৰক্ষীৰ জিম্মাৰ পৰাই নদীত জাপ দি চোৰাং চিকাৰীজন পলাই যায় বুলি জানিব পৰা গৈছে।

ধৃত চোৰাং চিকাৰীজন হৈছে উত্তম খাকলাৰী।

সোমবাৰে গোলাঘাট আৰক্ষীয়ে উৰীয়ামঘাটৰ পৰা আটক কৰিছিল উত্তম খাকলাৰীক।

জানিব পৰা মতে, নিশা কঁহৰা বনাঞ্চলৰ শিলেখুন্দা বন শিবিৰ এলেকাৰ গঁড় হত্যাস্থলীত লুকুৱাই ৰখা সামগ্ৰী উদ্ধাৰৰ বাবে চোৰাং চিকাৰীজনক আৰক্ষীৰ লৈ গৈছিল।

Poachers flee : কাজিৰঙাত বন বিভাগ আৰু আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন দুৰ্ধৰ্ষ চোৰাং চিকাৰীৰ

কিন্তু ঘটনাস্থলী পোৱাৰ পূৰ্বেই আৰক্ষীৰ চকুত ধূলি দি হেনকাফসহ নদীত জাঁপ দি পলায়ন কৰে উত্তম খাকলাৰীয়ে।

সম্প্ৰতি আৰক্ষীয়ে ধৃত উত্তম খাকলাৰীক পুনৰ আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে।

Leave a Comment