আৰক্ষীৰ জিম্মাত হঠাৎ অসুস্থ ভিক্টৰ দাস…

আৰক্ষীৰ জিম্মাত হঠাৎ অসুস্থ ভিক্টৰ দাস।

পাণবজাৰ থানাৰ লকআপত হঠাৎ অসুস্থ হৈ পৰিছে ভিক্টৰ দাস।

চৰকাৰী চাকৰিৰ নিযুক্তিৰ ক্ষেত্ৰত ধনৰ লেন-দেনৰ অভিযোগ তুলিছিল ভিক্টৰ দাসে।

কিন্তু উপযুক্ত প্ৰমাণ দিব নোৱাৰাৰ বাবে উৰাবাতৰি প্ৰচাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ জিম্মাত লয় ভিক্টৰ দাসক।

উল্লেখ্য যে এসপ্তাহৰ পূৰ্বে আৰক্ষীয়ে ভিক্টৰ দাসক আটক কৰিছিল।

আজি পাণবজাৰ থানালৈ আহিব ভিক্টৰৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক।

ভিক্টৰ দাসক অতি শীঘ্ৰে মুকলি কৰি দিবলৈ অভিভাৱক সকলে চৰকাৰ তথা আৰক্ষীক আহ্বান জনাইছিল।