আৰক্ষীৰ জিম্মাত বাইক চোৰৰ মৃত্যু, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিলম্বন…

এক চাঞ্চল্যকৰ ঘটনা।

আৰক্ষী জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰা বাইক চোৰৰ মৃত্যু।

শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাত আৰক্ষীৰ জিম্মাত বাইক চোৰৰ মৃত্যু।

মৃত চোৰজনৰ নাম বাবু গোৱালা বুলি জানিব পৰা গৈছে।

মঙলবাৰে নিশা আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল বাইক চোৰটোক।

উল্লেখ্য যে মঙলবাৰে এখন পালছাৰ বাইক চোৰ কৰিছিল ধৃত বাবু গোৱালাই। চিচিটিভি ফুটেজৰ ভিত্তিত আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল চোৰটোক।

উল্লেখ্য যে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰি গৌৰীসাগৰ পুখুৰীত জাপ দিছিল চোৰটোৱে।

আৰক্ষীয়ে উদ্ধাৰ কৰি সংকটজনক অৱস্থাত চোৰটোক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে বাবু গোৱালা নামৰ চোৰটেক।

এই ঘটনাক লৈ পুৱা গৌৰীসাগৰ আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

পৰিয়ালৰ লোকে বাবু গোৱালাৰ মৃত্যুৰ কাৰণ বিচাৰি গৌৰীসাগৰ আৰক্ষী থানাৰ চৌহদ উত্তপ্ত কৰি তোলে।

এই ঘটনাৰ পিছতে গৌৰীসাগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যজিত বৰঠাকুৰক তৎকালীনভাৱে নিলম্বন কৰা হয়। 

আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ অধীনত সমগ্ৰ ঘটনাৰ তদন্ত কৰিব শিৱসাগৰ আৰক্ষীয়ে।