আৰক্ষীৰ জালত শহুৰ-জোঁৱাই! ড্ৰাগছ সৰবৰাহৰ অভিযােগত গ্ৰেপ্তাৰ

নিউজ ডেস্ক। নিষিদ্ধ ড্ৰাগছ সৰবৰাহ কৰি ৰঙাঘৰৰ আলহী হ’ল শহুৰ-জােঁৱাইসহ ৩ জন লােক।

এই ঘটনা কামৰূপ জিলাৰ ৰঙিয়াৰ।

জানিব পৰা মতে, ৰঙিয়া আৰক্ষীয়ে মংগলবাৰে নিশা ২ নং ৱাৰ্ডৰ ইছলামপুৰ আৰু বালাগাঁৱৰ পৰা শহুৰ-জোঁৱাইসহ তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

এই অভিযানকালত আৰক্ষীয়ে ১২৮ গ্রাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ অভিযানকাৰী দলে ২ নং ৱাৰ্ডৰ ইছলামপুৰ নিবাসী আয়েজ আলীৰ ঘৰত তালাচী চলাই ৮ টা চাবোনৰ বাকচত থকা ৯৩ গ্রাম হেৰ ইন জব্দ কৰে।

আৰক্ষীয়ে আয়েজ আলী আৰু তেওঁৰ জোঁৱায়েক জিয়াউল হকক গ্ৰেপ্তাৰ কৰাৰ লগতে নগদ ২৬ হেজাৰ টকা জব্দ কৰে।

আনহাতে, জিয়াউলৰ ভাষ্যৰ ভিত্তিত বালাগাঁৱৰ ইছলামুদ্দিন আলী ওৰফে পিংকুৰ ঘৰত তালাচী চলাই হেৰ’ইনভর্তি দুটা চাবোনৰ বাকচ আৰু ৬৩ টা প্লাষ্টিকৰ কণ্টেইনাৰ জব্দ কৰে।

আৰক্ষীয়ে ইছলামুদ্দিনকো ৩৫ গ্রাম ড্ৰাগছসহ গ্রেপ্তাৰ কৰে।

ধৃত তিনি ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে তিনিটা ম’বাইল ফোনো জব্দ কৰিছে।