আৰক্ষীৰ জালত ম’ষ্ট ৱাণ্টেড ডকাইত ইজু, পিষ্টলসহ সক্ৰিয় গুলী উদ্ধাৰ…

পিষ্টল, সক্ৰিয় গুলীসহ আৰক্ষীৰ জালত ম’ষ্ট ৱাণ্টেড ডকাইত।

নগাঁৱৰ জুৰীয়া আৰক্ষীৰ জালত পৰিছে ম’ষ্ট ৱাণ্টেড ডকাইত ইজু ওৰফে ইজাজুল।

আৰক্ষীয়ে কৌশলেৰে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ডকাইত ইজু ওৰফে ইজাজুলক।

ধৃত ইজুৰ পৰা আৰক্ষীয়ে এটা ৭.৬৫ এমএম পিষ্টলসহ, ৫ জাঁই সক্ৰিয় গুলী জব্দ কৰিবলৈ সক্ষম হৈছে।

নগাঁও-তেজপুৰৰ ডকাইতি, ধনদাবী, হত্যা আদি বিভিন্ন গোচৰত অভিযুক্ত ইজু।

ইজুক লগত লৈ ধিংবৰি চাপৰিত সম্প্ৰতি আৰক্ষীয়ে চলাইছে অভিযান।