অসম
আৰক্ষীৰ জালত প্ৰৱঞ্চক! ৰে’লৱেত চাকৰি দিয়াৰ প্ৰলোভনেৰে সংগ্ৰহ কৰিছিল ৩ কোটিৰো অধিক টকা

আৰক্ষীৰ জালত এটা মহা প্ৰৱঞ্চক।
ৰে’লৱেত চাকৰি দিয়াৰ প্ৰলোভনেৰে সংগ্ৰহ কৰিছিল ধন।
ধৃত প্ৰৱঞ্চকটো গোগামুখ ৰঙপুৰীয়াৰ মণি কুমাৰ দেউৰী।
ৰে’লৱেৰ উচ্চপদস্থ বিষয়া হিচাপে চিনাকি দিছিল মণি কুমাৰে।
৪২ গৰাকী লোকৰ সংগ্ৰহ কৰিছিল ৩ কোটিৰো অধিক টকা।
ঠিকা দিয়াৰ নামতো পাতিছিল প্ৰৱঞ্চনাৰ জাল।
অৱশেষত চাকৰি দিব নোৱাৰি পলাতক হৈ আছিল প্ৰৱঞ্চকটো।
অধিক তথ্য সংগ্ৰহৰ বাবে প্ৰৱঞ্চকটো সোধা-পোছা আৰক্ষীৰ।